অপৰাধঅসমঅসম আৰক্ষী

খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ গৈ উভতি নাহিল লাচিত, চকু কাঢ়ি কোনে হত্যা কৰিলে লাচিত বৰ্মনক?

অৱশ্যে, পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লাচিতৰ এটা চকু নথকা পৰিলক্ষিত কৰি এয়া এক পৰিকল্পিত হত্যকাণ্ড বুলি দাবী কৰিছে। ইতিমধ্যে, চান্দমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।

অৱশেষত চিনাক্তকৰণ কৰা হ’ল গুৱাহাটীৰ বামুণীমৈদামৰ ভাস্কৰ নগৰৰ ৰাজপথত উদ্ধাৰ হোৱা মৃতদেহটো। দেওবাৰে পুৱাই উদ্ধাৰ কৰা হৈছিল এজন অচিনাক্ত যুৱকৰ মৃতদেহ।

চকু নথকা মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে যুৱকজনৰ পৰিচয় উলিয়াবৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। অৱশেষত চিনাক্ত হ’ল যুৱকজন। চিনাক্তকৰণ হোৱা যুৱকজন হৈছে উজানবজাৰৰ বাৰোৱাৰীৰ ৰে’লৱে কোৱাৰ্টাৰৰ বাসিন্দা লাচিত বৰ্মন।

শনিবাৰে সন্ধিয়াই নিজ বাসগৃহৰ পৰা খ্ৰীষ্টমাছ উপভোগ কৰিবৰ বাবে ওলাই আহিছিল লাচিত বৰ্মন। আনকি বাসগৃহৰ পৰা ওলাই আহোঁতে জ্যেষ্ঠ ভগ্নীৰ পৰা লৈ আহিছিল দুশ টকা। পিছে শনিবাৰে নিশা পৰ্যন্ত লাচিত ঘৰলৈ উভতি নোযোৱাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ। বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো মৃতদেহ নোলাল যদিও দেওবাৰে চান্দমাৰী থানাৰ অন্তৰ্গত বামুণীমৈদামৰ ভাস্কৰ নগৰত লাচিতৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে খবৰ দিয়ে পৰিয়ালটোক।

অৱশ্যে, পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লাচিতৰ এটা চকু নথকা পৰিলক্ষিত কৰি এয়া এক পৰিকল্পিত হত্যকাণ্ড বুলি দাবী কৰিছে। ইতিমধ্যে, চান্দমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 2 =

Back to top button