Assamnationalঅসমদৈনিক বাতৰিভাৰতমিজোৰামৰাজনৈতিক

কাইলৈ মিজোৰাম আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

কাইলৈ মিজোৰাম আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ...

কাইলৈ মিজোৰাম আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। মিজাৰোমৰ ৪০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ছত্তীশগড়ৰ ২০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়ৰ বাকী ৭০খন আসনৰ ভোটগ্ৰহণ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব।

১৭ নৱেম্বৰতে মধ্যপ্ৰদেশ বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈৰ ভোটগ্ৰহণৰ বাবে মিজাৰোম আৰু ছত্তীশগড়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বিশেষকৈ ছত্তীশগড়ত নিৰ্বাচনপূৰ্বক হিংসাত্মক ঘটনাত এজন বিজেপি নেতাৰ মৃত্যু ঘটাৰ পিছতে নিৰাপত্তা ব্যৱস্থা পুনৰ পৰ্যালোচনা কৰা হৈছে।

মিজোৰামত ৪০খন আসনৰ বাবে ১৭৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ ৮ লাখ ৫১ হাজাৰ ৮৯৫জন ভোটাৰৰ বাবে স্থাপন কৰা হৈছে ১২৭৬টা ভোটকেন্দ্ৰ। ৰাজ্যখনত মুল যুঁজ হ’ব মিজো নেচনেল ফ্ৰণ্ট, জোৰাম পিপ’লছ ম’ভমেণ্ট, কংগ্ৰেছ আৰু বিজেপিৰ মাজত।

ইফালে ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ২০খন আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে ২২৩জনে। ৪০ লাখ ৭৮ হাজাৰ ৬৮১জন ভোটাৰৰ বাবে স্থাপন কৰা হৈছে ৫,৩০৪টা ভোটকেন্দ্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.