Covid-19অসমস্বাস্থ্য

গুৱাহাটীৰ ৰেডিচন ব্লুত থকা পৰ্যটকৰ দেহত কোৰোণাৰ নতুন ভেৰিয়েণ্ট!

পৰ্যটকজন ৫০ বছৰীয়া আমেৰিকাৰ কৃষ্ণভেনি দাহাগাম(Krishnaveni Dahagum) বুলি জানিব পৰা গৈছে

কোৰোণাৰ ত্ৰাস কিছু কম হোৱাৰ সময়তেই সমগ্ৰ বিশ্বৰ বাবে ভাবুকি কঢ়িয়াই আনিছে কোৰোণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বাঢ়িছে অ’মিক্ৰণৰ সংক্ৰমণ। দেশত ইতিমধ্যে ৪ শতাধিক লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি। এনে সময়তে কাজিৰঙালৈ অহা এগৰাকী আমেৰিকাৰ পৰ্যটকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাত চিন্তাৰ বিষয় হৈ পৰিছে। পৰ্যটকজন ৫০ বছৰীয়া আমেৰিকাৰ কৃষ্ণভেনি দাহাগাম(Krishnaveni Dahagum) বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ ৰেডিচন ব্লুত থকা অৱস্থাতেই লোকজনৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ৷ কোৰোণাত আক্ৰান্ত হোৱা লোকজনে কাজিৰঙাৰ আয়ৰা ৰিজৰ্টত বাহৰ পাতি দেওবাৰে পুৱা হাতী চাফাৰী, জীপ চাফাৰীও কৰিছিল৷ পৰ্যটকজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ৷ পৰ্যটকজনক ইতিমধ্যে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.