Socialঅসমদুৰ্ঘটনা

দোকানলৈ ওলাই যাওঁতেই অঘটন! বিদ্যুতৰ তাঁৰত লাগি মৃত্যু ৬ বছৰীয়া শিশুৰ…

মেৰুৱাট্টাৰী মিলন প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল ছৰিফুল ইছলাম। মৃত্যুৰ পূৰ্বে দোকানলৈ ওলাই যাওঁতেই সংঘটিত হয় এই শোকাৱহ ঘটনা৷

নলবাৰীৰ মেৰুৱাট্টাৰী গাঁৱত সংঘটিত এক শোকাৱহ ঘটনা৷ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় এটি ছয় বছৰীয়া কণমানিয়ে।

মেৰুৱাট্টাৰী গাঁৱৰ হানিফ আলীৰ পুত্ৰ ছৰিফুল ইছলামে গাঁৱৰে আমিনুল ইছলাম নামৰ লোকজনৰ ঘৰৰ বেৰত সংযোগ কৰি থোৱা বৈদ্যুতিক তাঁৰত ভুলবশতঃ স্পৰ্শ কৰাৰ ফলত মৃত্যুক সাৱটি লয় শিশুটিয়ে৷

শিশুটিক ততাতৈয়াকৈ পৰিয়ালৰ লোকে মুকালমুৱা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে৷

মেৰুৱাট্টাৰী মিলন প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল ছৰিফুল ইছলাম। মৃত্যুৰ পূৰ্বে দোকানলৈ ওলাই যাওঁতেই সংঘটিত হয় এই শোকাৱহ ঘটনা৷ এই ঘটনাই অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ।

উল্লেখ্য যে, স্থানীয় লোকৰ ভাষ্য অনুসৰি, আমিনুল ইছলামৰ ঘৰ পথৰ দাঁতিত হোৱা হেতুকে ৰাস্তাৰে চলাচল কৰা লোকে আমিনুলৰ ঘৰৰ বেৰ নষ্ট কৰাৰ বাবেই বেৰত বিদ্যুৎ সংযোগ কৰি ৰাখিছিল আমিনুলে। গাঁওবাসীয়ে আমিনুল ইছলামৰ এনে কাণ্ডক ধিক্কাৰ জনাই প্ৰশাসনক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.