অপৰাধঅসম

লোহাৰ টুকুৰাৰে মৰিয়াই মৰিয়াই দেৱযানীয়ে হত্যা কৰিছিল আন্তিমাক, মৃতদেহ ৰখা পাকঘৰতে দেৱযানীয়ে ৰান্ধিছিল তিনি সাঁজ…

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আন্তিমাৰ স্বামী সন্তোষ গুপ্তাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল দেৱযানীৰ। শেহতীয়াকৈ স্বামীৰ পৰকীয়া প্ৰেমৰ কথা গম পাইছিল আন্তিমাই। ঘটনাক কেন্দ্ৰ কৰি আন্তিমা-দেৱযানীৰ মাজত সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ। বিতৰ্কই অৱশেষত লৈছিল অন্য মোৰ।

পৰকীয়া প্ৰেমৰ বাবেই মৃত্যুক সাৱটি লোৱা বৰগাঁৱৰ আন্তিমা গুপ্তা হত্যাকাণ্ডৰ নতুন মোৰ। বৃহস্পতিবাৰে, বৰাগাঁৱৰ এটা ঘৰৰ কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্খাক উদ্ধাৰ কৰা হৈছিল মহিলাগৰাকীৰ মৃতদেহ। বুধবাৰৰ পৰা নিখোজ হৈ আছিল আন্তিমা গুপ্তা৷

এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পৰকীয়া প্ৰেমৰ বাবে আন্তিমা গুপ্তাক হত্যাৰ সন্দেহত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে মৃত মহিলাগৰাকীৰ স্বামী আৰু ভাৰাতীয়া হিচাপে থকা দেৱযানী দাসক।

বৃহস্পতিবাৰে, দেৱযানী দাসৰ পাকঘৰৰ পৰা উদ্ধাৰ হৈছিল আন্তিমাৰ মৃতদেহ। অৱশেষত, আন্তিমাক হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিলে দেৱযানী দাসে।


উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আন্তিমাৰ স্বামী সন্তোষ গুপ্তাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল দেৱযানীৰ। শেহতীয়াকৈ স্বামীৰ পৰকীয়া প্ৰেমৰ কথা গম পাইছিল আন্তিমাই। ঘটনাক কেন্দ্ৰ কৰি আন্তিমা-দেৱযানীৰ মাজত সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ। বিতৰ্কই অৱশেষত লৈছিল অন্য মোৰ।

খঙত অগ্নিশৰ্মা হৈ মানসিক সন্তোলন হেৰুৱাই দেৱযানী দাসে লোৰে মৰিয়াই মৰিয়াই হত্য়া কৰিছিল আন্তিমা গুপ্তাক। কেৱল হত্যা কৰাই নহয়, ধৃত দেৱযানীয়ে নিজৰ পাকঘৰতে বস্তাত ভৰাই লুকুৱাই ৰাখিছিল আন্তিমাৰ মৃতদেহ।

অপৰাধ কৰিও মুক্ত মনে উশাহ ল’বলৈ কুন্ঠাবোধ নকৰা দেৱযানীয়ে মৃতদেহ ৰখা পাকঘৰতে ৰান্ধি খাইছিল তিনি সাঁজ।
আৰক্ষীৰ মাৰাথন জেৰাত এই শিহৰণকাৰী স্বীকাৰোক্তি দিছে দেৱযানী দাসে। নিজৰ ভুল স্বীকাৰ কৰি দেৱযানী দাসে আৰক্ষীৰ আগত সকলো কথা মুকলিকৈ বিৱৰি কয় আন্তিমা গুপ্তাক হত্যাৰ কথা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.