অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ, ২৮ জানুৱাৰীত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ

নগাঁও আৱৰ্ত ভৱনত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিব তদন্ত কমিটীয়ে

যোৱা ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ এটা দলে ছাত্ৰনেতা কীৰ্তিকমল বৰাক কৰা এনকাউণ্টাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নগাঁও আৱৰ্ত ভৱনত ২৮ জানুৱাৰীৰ উপস্থিত হ’ব ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ।

উল্লেখ্য় যে, ছাত্ৰনেতা কীৰ্তিকমল বৰাক এণ্টি নাৰ্কটিক স্কোৱাডৰ বিষয়া প্ৰদীপ বণিয়াই এনকাউণ্টাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়।

বিৰোধী ৰাজনৈতিক দল তথা জাতীয়তাবাদী দল-সংগঠনে নগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছে।

অহা ২৮ জানুৱাৰীত তদন্ত কমিটীয়ে বিয়লি ২ বজাৰ পৰা ৪ বজালৈ প্ৰথম শুনানি গ্ৰহণ কৰিব।

আনহাতে, গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰা বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থান আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.