অপৰাধঅসমআঞ্চলিক

মূলসূঁতিলৈ তিৱা লিবাৰেচন আৰ্মী! কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব অস্ত্ৰ সম্বৰণ অনুষ্ঠান

অসম মেঘালয় সীমান্তৰ দুৰ্গম অঞ্চলত শান্তিৰ আলোচনাৰ বাবে সাজু হৈছে TLA ৰ কেডাৰ সকল।

শান্তিৰ পথলৈ TLA (RCTS), কাইলৈ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত  Tiwa liberation Army চমুকৈ TLA  কেডাৰ সকল 

অসম মেঘালয় সীমান্তৰ দুৰ্গম অঞ্চলত শান্তিৰ আলোচনাৰ বাবে সাজু হৈছে TLA  কেডাৰ সকল

২০১৪ চনৰ ১৬ অক্টোবৰতে গঠিত এই সস্ত্ৰ সংগঠনটোৱে দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণৰ বাবে কাইলৈ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব কেডাৰ সকল

এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ  সাধাৰণ সম্পাদক ছালজন লাইডামা লুমফুইয়ে। 

এই উদ্দেশ্যে সাজু হৈছে মহিলা কেডাৰ সহ সংগঠনটোৰ শতাধিক কেডাৰ 

দুই পক্ষৰ আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছে বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ মিলেশ্বৰ পাতৰে

তেওঁৰ নেতৃত্বতে দুয়োপক্ষ আগবাঢ়িছে শান্তিৰ দিশে 

উল্লেখ্য যে সংগঠনটোৰ জন্মদাতা বিদ্যুৎ আমছংৰ কিছুদিন পূৰ্বে স্বৰ্গগামী হয়

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button