প্ৰতিৰক্ষাভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

পদ্মশ্ৰী বঁটা ২০২২: উত্তৰ-পূবৰ ছয়গৰাকী বিশিষ্ট ব্যক্তিক দিয়া হ’ব এই সন্মান

মঙলবাৰে ভাৰতৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত এই কথা ঘোষণা কৰা হয়।

গৃহ মন্ত্ৰালয়ৰ প্ৰেছ জাননী অনুসৰি, উত্তৰ-পূবৰ ছয়গৰাকী বিশিষ্ট ব্যক্তিয়ে এই বছৰ পদ্মশ্ৰী বঁটা লাভ কৰিব।

মঙলবাৰে ভাৰতৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত এই কথা ঘোষণা কৰা হয়।

তথ্য অনুসৰি, অসমৰ শকুন্তলা চৌধুৰী আৰু ধনেশ্বৰ ইংটি, মণিপুৰৰ লৌৰেম্বাম বিনো দেৱী আৰু মুক্তামণি দেৱী, নাগালেণ্ডৰ টি চেংকা আও আৰু ছিকিমৰ খাণ্ডু ৱাংচুক ভূটিয়াই লাভ কৰিব এই বঁটা।

সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শকুন্তলা চৌধুৰীয়ে এই সন্মান লাভ কৰিব। তদুপৰি, টি চেংকা আও, বিনো দেৱী আৰু ভুটিয়াক কলা ৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে বাছনি কৰা হৈছে।

অসমৰ ধনেশ্বৰ ইংটিয়ে সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মান অৰ্জন কৰিব, আৰু মুক্তিমণি দেৱীক ব্যৱসায়লৈ তেওঁৰ অৱদানৰ বাবে নিৰ্বাচিত কৰা হৈছে।

তদুপৰি, ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান (চিডিএছ), স্বৰ্গীয় জেনেৰেল বিপিন ৰাৱাটক পদ্মবিভূষণ প্ৰদান কৰা হ’ব, আনহাতে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাক প্ৰদান কৰা হ’ব পদ্মশ্ৰী।

পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত এটা হিচাপে গণ্য় কৰা হয়। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী নামৰ তিনিটা শ্ৰেণীত এই বঁটা আগবঢ়োৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.