অপৰাধঅসমঅসম আৰক্ষী

“আৰু দুটামানক মাৰিহে মৰিম”, আৰক্ষীক মুকলি প্ৰত্য়াহ্বান দি পলাল দুৰ্ধৰ্ষ অপৰাধী গেৰজাই

২০২১ বর্ষৰ ২৪ ছেপ্টেম্বৰৰ নিশা ঢকুৱাখনাৰ ভাটি জালভাৰী গাঁৱৰ দুৰ্ধৰ্ষ অপৰাধী গেৰজাই বৰুৱাক ঢকুৱাখনা আৰক্ষীয়ে ন কপহুৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

এটা দুৰ্ধৰ্ষ অপৰাধী। এই অপৰাধীৰ জীৱনপঞ্জীত ভাল বুলিবলৈ ১ শতাংশও নাই। মানুহ দেখিলেই মাৰিবলৈ উচপিচাই থাকে এই অপৰাধী। ধাৰাবাহিক হত্যাকাণ্ড, ডকাইতি, ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰি জনগণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা ঢকুৱাখনাৰ দুৰ্ধৰ্ষ অপৰাধী গেৰজাই পলাল। অসম আৰক্ষীৰ জিম্মাত থাকোতেই শনিবাৰে পুৱতি নিশা পলায়ন কৰে গেৰজায়ে।

এটা দুটা নহয় গেৰজাই বৰুৱাৰ বিৰুদ্ধে কেইবাখনো থানাত আছে কেইবাটাও গোচৰ। ঢকুৱাখনা, ঘিলামৰা, গোগামুখ, শিৱসাগৰকে ধৰি উজনি অসমৰ কেইবাখনো আৰক্ষী থানাত গেৰজাই বিৰুদ্ধে পঞ্জীভূত হৈছে প্ৰায় ৭ টা গোচৰ।
২০২১ বর্ষৰ ২৪ ছেপ্টেম্বৰৰ নিশা ঢকুৱাখনাৰ ভাটি জালভাৰী গাঁৱৰ দুৰ্ধৰ্ষ অপৰাধী গেৰজাই বৰুৱাক ঢকুৱাখনা আৰক্ষীয়ে ন কপহুৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। গুপ্তাংগত গুলীবিদ্ধ হোৱা অপৰাধীটোক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰাৰ পাছত পৰৱৰ্তী সময়ত লখিমপুৰ কাৰাগাৰত ৰখা হৈছিল।

অসম আৰক্ষীৰ মষ্ট ৱান্টেড গেৰজাই বৰুৱা কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল। কিন্তু চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডৰ পৰাই শনিবাৰে পুৱতি নিশা পলায়ন কৰে গেৰজাই। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষ আৰু আৰক্ষীৰ চকুত ধূলি দি গেৰজায়ে পলায়ন কৰা ঘটনাই সকলোৰে মনত উদয় কৰিছে প্ৰশ্নৰ। পিছে কাৰ অৱহেলাৰ বাবে অপৰাধীয়োৱে পলাবলৈ সুযোগ পালে সেয়াও এতিয়া ৰহস্যৰ আৱৰ্ত্তত।

ইতিমধ্যে, লখিমপুৰ জিলা আৰক্ষী বিভাগে শনিবাৰৰ পুৱাৰে পৰা “নাকা চেকিং” আৰম্ভ কৰিছে ঢকুৱাখনাৰ ৰাজপথত। লগতে সাধাৰণ ৰাইজক গেৰজাইৰ কিবা সম্ভেদ পালে আৰক্ষীক অৱগত কৰাৰ আহ্বান জনাইছে আৰক্ষী বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.