বলিউড

প্ৰিয়ংকাৰ মুখত মাতৃত্বৰ সন্তুষ্টি, মাতৃ-পিতৃ হ’ল মোহময়ী প্ৰিয়ংকা আৰু নিক

যদিও এপ্ৰিল মাহতহে সন্তানটি জন্ম হোৱাৰ কথা আছিল তথাপি চাৰোগেট মাতৃয়ে দক্ষিণ কেলিফৰ্ণিয়াত আগতীয়াকৈ প্ৰসৱ কৰে সন্তানটিৰ।

বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ জীৱনলৈ আহিল নতুন আলহী। অভিভাৱক হ’ল বহু চৰ্চিত যুটী প্ৰিয়ংকা আৰু নিক। শুকুৰবাৰে ইনষ্টাগ্ৰামযোগে অনুৰাগীক এই কথা জনালে প্ৰিয়ংকাই।

https://www.instagram.com/p/CZAJvizvjf4/?utm_source=ig_web_copy_link

স্বামী প্ৰিয়ংকা জোনাচক টেগ কৰি এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰিয়ংকা লিখিছে, “আমি নিশ্চিত কৰি আনন্দিত যে আমি চাৰোগেটৰ জৰিয়তে এটি কেঁচুৱাক আমাৰ জীৱনলৈ আদৰণি জনাইছো। কিন্তু এই বিশেষ সময়ত আমি কিছু গোপনীয়তা বিচাৰো”।

প্ৰিয় যুটীৰ সুখবৰ শুনি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে প্ৰিয়ংকা আৰু নিকক ওপচাই পেলাইছে শুভকামনাৰে। তথ্য অনুসৰি, প্ৰিয়ংকা আৰু নিকৰ জীৱনলৈ আহিছে এজনী কন্যা সন্তান। নিৰ্ধাৰিত সময়তকৈ আগতেই প্ৰসৱ হ’ল কণমানিজনীৰ। যদিও এপ্ৰিল মাহতহে সন্তানটি জন্ম হোৱাৰ কথা আছিল তথাপি চাৰোগেট মাতৃয়ে দক্ষিণ কেলিফৰ্ণিয়াত আগতীয়াকৈ প্ৰসৱ কৰে সন্তানটিৰ।

উল্লেখ্য় যে, ২০১৮ চনৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল প্ৰিয়ংকা আৰু নিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.