অসমখেল

লৌহ কন্যাৰ জ্যোতিৰে উজলিল তাজ ভিভাণ্টা

বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা টকিঅ'ত পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ বাবে অসম চৰকাৰৰ লগতে বহু ঠাইত আয়োজন কৰা হৈছে বিশেষ সম্বৰ্ধনা অনুষ্ঠান

অসমভূমিত লৌহ কন্যা লাভলীনাৰ আজি দ্বিতীয় দিন। বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা টকিঅ’ত পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ বাবে অসম চৰকাৰৰ লগতে বহু ঠাইত আয়োজন কৰা হৈছে বিশেষ সম্বৰ্ধনা অনুষ্ঠান।

শুকুৰবাৰে, তাজ ভিভান্টাত বজ্ৰ কন্যা লাভলীনাৰ বাবে অসম অলিম্পিক সন্থা আৰু অসম বক্সিং সন্থাই আয়োজন কৰিছে বিশেষ সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে অসম এথলেটিকছ সন্থাৰ লগতে বহুকেইটা ক্ৰীড়া সন্থাই।
এই অনুষ্ঠানত সকলোৱে মৰমেৰে ওপচাই পেলাইছে লাভলীনাক। অসম অলিম্পিক সন্থাই প্ৰদান কৰিছে ৩ লাখ টকাৰ চেক। অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী বিমল বৰা।

সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আয়োজন কৰা হৈছে বিশেষ সংবাদমেল। এই সংবাদমেলত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ লগতে বহুজনে প্ৰশ্ন কৰে লাভলীনাক।

সংবাদমেলৰ অন্তত দিল্লীলৈ উৰা মাৰিব অসম কন্যা লাভলীনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.