Socialগুৱাহাটীসংস্কৃতি

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। এই মাহত কিয় পালন কৰা হয় ব্ৰত?

শিৱভক্তসকলৰ বাবে আজি দিনটো আৰাধ্য দেৱতা শিৱৰ দিন। আজিৰ দিনটোত ভক্তই উপবাসে থাকি শিৱক আৰাধনা কৰে

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। জঁটাধাৰী মহাদেৱৰ আৰাধনা কৰা মাহ- পবিত্ৰ শাওণ, এই মাহত কিয় পালন কৰা হয় ব্ৰত? শিৱভক্তসকলৰ বাবে আজি দিনটো আৰাধ্য দেৱতা শিৱৰ দিন। আজিৰ দিনটোত ভক্তই উপবাসে থাকি শিৱক আৰাধনা কৰে। সমাম্তৰালকৈ আজিৰে পৰা আৰম্ভ হৈছে বল বম যাত্ৰা।

 

হিন্দু ধৰ্মাৱলম্বী লোকসকলে আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰে শাওণ মাহক। লোকবিশ্বাস অনুসৰি, শাওণ মাহত শিৱ লিংগত পানী ঢালিলে শিৱ প্ৰসন্ন হয় আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। ১৯৮০ চনৰ পৰাই এই পৰম্পৰা চলি আহিছে। প্ৰথম অৱস্থাত উত্তৰ ভাৰতত এই প্ৰথা জনপ্ৰিয় আছিল যদিও সম্প্ৰতি সমগ্ৰ ভাৰততেই পালন কৰা হয় এই বিশেষ দিনটো।

শাওণ মাহ যথেষ্ট পবিত্ৰ। এই মাহত শিৱৰ ভক্তগণে গোটেই মাহ শিৱক আৰাধনা কৰাৰ লগতে প্ৰতি সোমবাৰে পালন কৰে ব্ৰত। শাওণত শিৱ মন্দিৰ, দৌল-দেৱালয়ত দেখা যায় অগণন ভক্তৰ ভিৰ। আৰাধ্য দেৱতাৰ সন্তুষ্টিৰ বাবে ভক্তগণে শিৱক তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে। শাওণৰ প্ৰতিটো সোমবাৰে শিৱক পূজা কৰাসকলে ব্ৰত পালন কৰে।পবিত্ৰ শাওণত কিয় ব্ৰত পালন কৰা হয়-
১) শাওণত ব্ৰত পালন কৰি শিৱক আৰাধনা কৰা হয়। ব্ৰত ৰাখিলে দেহৰ আভ্যন্তৰ পৰিষ্কাৰ হয়।

 

২) ব্ৰত ৰাখিলে আধ্যাত্মিক শান্তি আৰু শক্তি পোৱা যায়।

৩)ব্ৰত ৰখা মানে ঈশ্বৰৰ পৰা কিবা এটা আশা কৰা নহয়, শৰীৰ আৰু আত্মা শুদ্ধ কৰাহে।

৪)ব্ৰত ৰাখিলে ধনাত্মক শক্তি আহৰণ কৰে। যিয়ে আমাক ধনাত্মক চিন্তা-ধাৰাৰে জীৱন অতিবাহিত কৰাত সহায় কৰে।

৫)ব্ৰত ৰখাৰ সময়ত লঘু আহাৰ(বুট-মগু, ফল-মূল) আৰু পানী সেৱনে শৰীৰ শোধন কৰে।

৬)ব্ৰত ৰাখিলে মন্দিৰলৈ গৈ ধূপ-ধূনা দি ঈশ্বৰক প্ৰাৰ্থনা কৰাতকৈ ঘৰতে ধূপ-ধূনা জ্বলাই আৰাধনা কৰিলেও ঈশ্বৰ সন্তুষ্ট হয়। গীতাত লিখা আছে যে, শুদ্ধ মনেৰে ধূপ এডাল দিলেও ঈশ্বৰ সন্তুষ্ট হয় আৰু আনক দুখ-কষ্ট দি মন্দিৰত গৈ পূজা কৰিলেও ভগৱান সন্তুষ্ট নহয়।

শাওণ মাহত ভগৱান শিৱক প্ৰত্যেক বছৰে শিৱ মন্দিৰ, দৌল-দেৱালয়ত গৈ প্ৰাৰ্থনা কৰে মনৰ বাঞ্চা পূৰণ হ’বলৈ। সদাশিৱই আশীৰ্বাদ দিয়ক সকলোকে। পৃথিৱীত শান্তি বিৰাজ কৰাত সহায় কৰক মহাদেৱে। ঔম নমঃ শিৱা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 16 =

Back to top button