অপৰাধঅসম

পাষাণ পিতৃৰ নিৰ্লজ্জ কাণ্ড, ৪০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিলে পুত্ৰক

এনে কাহিনী শুনিলে যিকোনো হৃদয়বান লোকৰে কঁপি উঠিব বুকু। স্বাৰ্থ সিদ্ধিৰ বাবে এজন পিতৃয়ে পুত্ৰক বিক্ৰী কৰা ঘটনা অবিশ্বাস্য

কিমান নিষ্ঠুৰ হ’লে এজন পিতৃয়ে ল’ব পাৰে কঠোৰ সিদ্ধান্ত? এনে কাহিনী শুনিলে যিকোনো হৃদয়বান লোকৰে কঁপি উঠিব বুকু। স্বাৰ্থ সিদ্ধিৰ বাবে এজন পিতৃয়ে পুত্ৰক বিক্ৰী কৰা ঘটনা অবিশ্বাস্য।

বৰ্তমান সময়ত ৰাজ্যত শিপাইছে ড্ৰাগছৰ ক’লা বজাৰ। ড্ৰাগছৰ কৰাল গ্ৰাসত অসমৰ অধিকাংশ লোক। ড্ৰাগছে ক্ৰমশঃ নাইকীয়া কৰি পেলাইছে মানুহৰ চিন্তা কৰিব পৰা ক্ষমতা। ড্ৰাগছ ব্যৱহাৰ কৰাৰ পৰিণতিতেই এক নিষ্ঠুৰ সিদ্ধান্ত ল’লে পিতৃয়ে। কেৱল টকাৰ বাবেই আঢ়ৈ বছৰীয়া পুত্ৰক তুলি দিলে অন্য ব্যক্তিৰ হাতত। এই ঘটনা সংঘটিত হৈছে লাহৰীঘাটৰ বৰবৰীৰ গাঁৱত। ড্ৰাগছ আসক্ত নিষ্ঠুৰ পিতৃ আমিনুল ইছলামে ৪০ হাজাৰ টকাৰ বিনিময়ত গৰৈমাৰীৰ চাজিদা খাতুন নামৰ এগৰাকী মহিলাৰ ওচৰত বিক্ৰী কৰিছিল নিজ পুত্ৰক।

আনফালে, দুদিন ধৰি ঘৰলৈ উভতি নহা পুত্ৰক বিচাৰি হাহাকাৰ দুৰ্ভগীয়া মাতৃৰ। উপায়ন্তৰ হৈ অৱশেষত আৰক্ষীৰ কাষ চাপে আমিনুল ইছলামৰ পত্নী। স্থানীয় ৰাইজৰ তৎপৰতাত চাজিদা খাতুনৰ বাসগৃহত উপস্থিত হয় আমিনুলৰ পত্নী। কিন্তু পুত্ৰক বিচাৰি যোৱা আমিনুলৰ পত্নীক মাৰধৰ কৰে চাজিদাই। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে আমিনুলৰ লগতে চাজিদা খাতুনক।

এই বৰ্বৰ ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ লাহৰীঘাট অঞ্চল। কেৱল মাত্ৰ ড্ৰাগছৰ বাবেই বিবেকহীন এজন পিতৃয়ে টকাৰে নিজ পুত্ৰক বিনিময় কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.