সাৱধান! এতিয়াৰ পৰা বেনাৰ-পোষ্টাৰত লগাব নোৱাৰিব মুখ্যমন্ত্ৰীৰ ফটো!
মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অনুমতি লৈহে বেনাৰত লগাব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ ফটো
বেনাৰ পোষ্টাৰত মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা য’তে ত’তে ব্যৱহাৰ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অনুমতি লৈহে বেনাৰত লগাব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ ফটো। এই কঠোৰ নিৰ্দেশনা খুদ মুখ্যমন্ত্ৰীৰ।
I do not endorse this kind of branding at all. Instruction has been issued not to use my picture from now onwards without prior approval of my office pic.twitter.com/Pl7p20IsxO
— Himanta Biswa Sarma (@himantabiswa) August 5, 2021
উল্লেখ্য যে, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ দিনটোত প্ৰস্তুত কৰা এখন বেনাৰক লৈ সৃষ্টি হৈছিল বিতৰ্ক। কৰ্মচাৰীৰ দিন ৰূপে পালিত নমস্য ব্যক্তিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা বেনাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ফটোৰ পৰিৱৰ্তে ডাঙৰকৈ প্ৰকাশ পাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো।

ইয়াৰ পূৰ্বেও টকিঅ’ত উজলি উঠা অসম গৌৰৱ লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনোৱাৰ সময়তো লাভলীনাৰ ফটো ডাঙৰকৈ লগোৱাৰ পৰিৱৰ্তে লগোৱা হৈছিল মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ ফটো। ইয়াৰ পিছতেই ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছিল মন্ত্ৰীকেইগৰাকী। ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা।