অসমচিকিৎসা

তলা ওলমিব নেকি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত?

তলা ওলমিব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ' চাৰ্জাৰী বিভাগত। বিভাগটোত বিশেষজ্ঞ চিকিৎসকৰ অভাৱ।

তলা ওলমিব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’ চাৰ্জাৰী বিভাগত।
বিভাগটোত বিশেষজ্ঞ চিকিৎসকৰ অভাৱ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’ চাৰ্জাৰী বিভাগত আছিল দুজনকৈ বিশেষজ্ঞ চিকিৎসক।
তাৰে এজনে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা কেতিয়াবাই আতৰি গৈছিল।

আন জন বিশেষজ্ঞ চিকিৎসক ডাঃ অমৃত শইকীয়াই কিছু দিন পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চাকৰিৰ পৰা ইস্তফা দিছে।

যাৰবাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’ চাৰ্জাৰী বিভাগ বিশেষজ্ঞ চিকিৎসক শূন্য হৈ পৰিল।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষই উৰ্দ্ধতম কতৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিছে।
যদিহে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’ চাৰ্জাৰী বিভাগত বিশেষজ্ঞ চিকিৎসক চৰকাৰে অনতিপলমে নিযুক্তি নিদিয়ে তেন্তে কম দিনৰ ভিতৰতে বিভাগটোত তলা ওলমিব।
নিউৰ’ চাৰ্জাৰী বিভাগটোত বিশেষজ্ঞ চিকিৎসক নথকাত এতিয়া ৰোগী সকলৰো হাহাকাৰ অৱস্থা হৈছে।
অস্ত্ৰোপচাৰৰ বাবে এতিয়া গুৱাহাটী অথবা ডিব্ৰুগড়লৈ যাব লগা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.