অসমআঞ্চলিকগুৱাহাটীদুৰ্ঘটনা

হঠাৎ অসুস্থ  জুবিন গাৰ্গ, ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালৰ ICUত ভৰ্তি জুবিন

বাথৰুমত পিছলি পৰি মূৰত আঘাত পাই আহত জুবিন গাৰ্গ৷ মুৰৰ পিছ অংশত আঘাতপ্ৰাপ্ত হয় ৰক্তক্ষয় হয় জুবিনৰ৷ বৰ্তমান ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালত বিশেষ চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰিছে জুবিনক

হঠাৎ অসুস্থ  জুবিন গাৰ্গ, ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন

বাথৰুমত পিছলি পৰি মূৰত আঘাত পাই আহত জুবিন গাৰ্গ৷ মুৰৰ পিছ অংশত আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষয় হয় জুবিনৰ৷ বৰ্তমান ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালত বিশেষ চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰিছে জুবিনক৷ মূৰত প্ৰায় ৫ টাকৈ চিলাই পৰিছে জুবিনৰ৷ ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত সংঘটিত হয় এই ঘটনা৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শাৰীৰিক অসুস্থতাৰ হেতু সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে ৷

প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.