Socialঅসমদুৰ্ঘটনা

তুমি জীয়াই থাকিব লাগিব মইনা, চাহ বাগিচা কৰ্তৃপক্ষৰ অনিয়ম, গাফিলতি হেমাহিকো নেওচি তুমি পুনৰ সুস্থ হৈ উঠা মইনা…

মন্ত্ৰী-বিধায়কৰ আসন শুৱনি কৰা চাহ বাগিচাৰ জন প্ৰতিনিধিসকলে চাহ শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। চৰকাৰে শুনিবনে এইসকল শোষিত শ্ৰমিকৰ বিননি? নে কেৱল ভোটবেংক হৈয়ে ৰ'ব চাহ বাগিচাৰ শ্ৰমিকসকল।

মইনা নায়ক, আমাৰ বহুতৰে বাবে এটা অচিনাকী নাম। বহুতেই হয়তো নাজানে আচলতে মইনা নায়ক কোন? চাহ বাগিচাৰ কলঘৰৰ মেচিনত সোমাই শৰীৰ ঘূণীয়া হোৱা মইনা নায়ক হৈছে ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাৰ এগৰাকী শ্ৰমিক। লেপেটকটা চাহ বাগিচাৰ বৰলাইনৰ নিবাসী বুধুৱা নায়কৰ কন্যা হৈছে মইনা নায়ক। কলঘৰৰ পাতকটা মেচিন চাফা কৰি থাকোতে হঠাৎ মেচিনৰ ভিতৰত চুলি আৰু পিন্ধা কাপোৰ সোমাই যোৱাত এৰ খাই পৰে ২৫ বছৰীয়া মইনা নায়কৰ চুলিসহ মূৰৰ ওপৰ অংশ। মেচিনত সোমাই ভাগি যায় মইনাই কাম কৰি থকা সোঁহাতখন।

 

ঘটনা সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ মইনা নায়কক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে লৈ অহা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন-মৃত্যুৰে যুঁজ দি আছে মইনা নায়কে। মইনাক জীয়াই তুলিবৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে চিকিৎসালয় কৰ্তৃপক্ষই। লগতে বিনামূলীয়া কৰা হৈছে মইনা নায়কৰ সকলো চিকিৎসা সেৱা।

 

উল্লেখ্য যে, অসমৰ চাহ বাগিচাত চলি থকা অনিয়ম, হেমাহি আৰু কৰ্তৃপক্ষৰ গাফিলতিৰ এক ভয়ংকৰ আৰু জ্বলন্ত উদাহৰণ মইনা নায়ক। লেপেটকটা চাহ বাগিচাৰ কৰ্তৃপক্ষৰ গাফিলতি আৰু শ্ৰমিক আইন উলংঘা কৰি মহিলা শ্ৰমিকক CTC Cutting Machine চাফা কৰিবলৈ দিয়াৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা। পিছে কিমান দিন? কিমান দিন এইদৰেই জীয়াতু ভুগিব লাগিব মইনাৰ দৰে আন চাহ শ্ৰমিকসকলে? জীৱনৰ নিৰাপত্তাকো নেওচি মুনাফালোভীৰ প্ৰয়োজন পূৰণ কৰিবলৈ এইদৰে জীৱন তুচ্ছ কৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ ভৱিষ্যত কি? মন্ত্ৰী-বিধায়কৰ আসন শুৱনি কৰা চাহ বাগিচাৰ জন প্ৰতিনিধিসকলে চাহ শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব। চৰকাৰে শুনিবনে এইসকল শোষিত শ্ৰমিকৰ বিননি? নে কেৱল ভোটবেংক হৈয়ে ৰ’ব চাহ বাগিচাৰ শ্ৰমিকসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button