অসমনাগালেণ্ড

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক SUPER CM আখ্যা দিলে কোনে!

মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ছুপাৰ চি এম আখ্যা নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙৰ

এইবাৰ ছুপাৰ চি এম ৰ আখ্যা পালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ছুপাৰ চি এম আখ্যা দিলে নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে। যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ গাতে লাগি থকা নাগালেণ্ডৰ মোককচাং জিলাৰ আলংটাকি সমষ্টিৰ আও নকফু গাওঁত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিৰ কাষতে থকা আলংটাকি সমষ্টিৰ বিধায়ক তথা নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতি উন্নয়ন মন্ত্ৰী তথা নাগালেণ্ডৰ প্ৰদেশ বিজেপিৰ সভাপতি টেমজেন ইমনা আলংৰ আমন্ত্ৰণত নাগালেণ্ডত উপস্থিত হোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিপুল আদৰনি জনোৱা হয়।

 

প্ৰতিযোগিতাখন মুকলি কৰি মন্ত্ৰী টেমজেন ইমনা আলঙে কয় যো, অসম নাগালেণ্ডৰ জেষ্ঠ ভাতৃ সেয়ে জেষ্ঠ ভাতৃৰ লগত সংঘাট নহয়। ভাল সম্বন্ধ হ’লেহে সমস্যা সমাধান হ’ব। অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছুপাৰ চি এম আখ্যা দি মন্ত্ৰী গৰাকীয়ে কয় যে, দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠ পদক্ষেপ লৈছে আৰু শীঘ্ৰেই ইয়াৰ স্থায়ী সমাধান হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 14 =

Check Also
Close
Back to top button