উৎসৱধৰ্মীয়ধাৰ্মিক

আপোনাৰ ৰাশি অনুযায়ী ধনতেৰছৰ দিনা ক্ৰয় কৰক এইসমূহ সামগ্ৰী। অযুত ধন-সম্পত্তিৰ গৰাকী হ’ব আপুনি!

এই বছৰ, ধন ত্ৰয়োদশী ২২ অক্টোবৰৰ সন্ধিয়া ৬:০৩ বজাৰ পৰা ২৩ অক্টোবৰৰ সন্ধিয়া ৬:০৪ বজালৈ হ'ব

সমাগত ধনতেৰছ উৎসৱ। এই দিনটো হিন্দুসকলৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। ধনতেৰছৰ দিনটোত ধনিয়া, ঝাড়ু, বাচন, সোণ, ৰূপ আৰু সম্পত্তি ক্ৰয় কৰাটো অতি ভাল বুলি গণ্য কৰা হয়। অৱশ্যে জ্যোতিষীসকলৰ মতে, ধনতেৰছত ৰাশি অনুসৰি বজাৰ কৰাটো অধিক লাভজনক। এই বছৰ, ধন ত্ৰয়োদশী ২২ অক্টোবৰৰ সন্ধিয়া ৬:০৩ বজাৰ পৰা ২৩ অক্টোবৰৰ সন্ধিয়া ৬:০৪ বজালৈ হ’ব। এইবাৰ ধনতেৰছত ৰাশি অনুসৰি ক্ৰয় কৰক এইসমূহ সামগ্ৰী। অযুত ধন-সম্পত্তিৰ গৰাকী হোৱাৰ উপৰিও সুস্বাস্থ্যৰো অধিকাৰী হ’ব।

 

১. মেষ ৰাশি – মেষ ৰাশিৰ লোকসকলে এইবাৰ ধনতেৰছত যিকোনো সোণ বা পিতলৰ সামগ্ৰী ক্ৰয় কৰক। সোণৰ এটা সৰু বস্তুও কিনিব পাৰে এই ৰাশিৰ লোকসকলে। যদি সোণ কিনিব নোৱাৰে, তেন্তে পিতলৰ পাত্ৰ এটা ঘৰলৈ আনিব পাৰে।

২. বৃষ ৰাশি- ধনতেৰছত, বৃষ ৰাশিৰ লোকসকলে এখন বাহন কিনিব পাৰে। যদি বাহন কিনিব নিবিচাৰে, তেন্তে ঘৰত আলমাৰী বা যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী আনিব পাৰে।

৩. মিথুন ৰাশি – এইবাৰ ধনতেৰছত মিথুন ৰাশিৰ লোকসকলে ব্ৰঞ্জৰ বাচন ক্ৰয় কৰাটো শুভ। ব্ৰঞ্জৰ পাত্ৰৰ বাহিৰেও, ব্ৰঞ্জৰ মূৰ্তিও কিনিব পাৰে এই ৰাশিৰ লোকসকলে।

৪. কৰ্কট ৰাশি- কৰ্কট ৰীশিৰ জাতক-জাতিকাসকলে ধনতেৰছত পিতল বা সোণৰ সামগ্ৰী ক্ৰয় কৰাটো শুভ।

৫. সিংহ ৰাশি- সিংহ ৰাশিচিহ্নৰ সৈতে ধনতেৰাছত তামৰ পাত্ৰ এটা ক্ৰয় কৰাটো শুভ এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে।

৬. কন্যা ৰাশি – কন্যা ৰাশিৰ লোকসকলে ধনতেৰছত ইলেক্ট্ৰনিক সঁজুলি ক্ৰয় কৰিব পাৰে। মোবাইল ফোন, লেপটপ আদি কিনিব পাৰে।

৭. তুলা ৰাশি- তুলা ৰাশিৰ লোকসকলে ধনতেৰছত ব্ৰঞ্জৰ মূৰ্তি কিনিব পাৰে। যদি এই ব্ৰঞ্জৰ মূৰ্তিটো দেৱতাৰ হয়, তেন্তে ই অধিক ভাল হ’ব। ব্ৰঞ্জৰ মূৰ্তিৰ সলনি ব্ৰঞ্জৰ পাত্ৰও কিনিব পাৰে।

৮. বৃশ্চিক ৰাশি – যদি বৃশ্চিক ৰাশিৰ লোকসকলে এই ধনতেৰছত ৰূপৰ মুদ্ৰা এটা ক্ৰয় কৰে, তেন্তে তেওঁলোকৰ ভাগ্য উদয় হ’ব। ইয়াৰ বাহিৰেও, ৰূপৰ বাচনো ক্ৰয় কৰিব পাৰে।

৯. ধনু ৰাশি- ধনতেৰছৰ দিনা, ধনু ৰাশি জাতক-জাতিকাসকলে তামৰ চাকি কিনাটো অতি ভাল। ইয়াৰ বাহিৰেও, তামৰ পাত্ৰও কিনিব পাৰে।

১০. মকৰ ৰাশি- মকৰ ৰাশিৰ লোকসকলে ধনতেৰছৰ দিনা ব্ৰঞ্জৰ মূৰ্তি বা যিকোনো বাচন ঘৰলৈ আনিব পাৰে। কিন্তু, দেৱালীৰ পিছতহে এই বস্তুবোৰ ব্যৱহাৰ কৰিব।

১১. কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ লোকসকলে ধনতেৰছৰ সন্ধিয়া ৰূপৰ বাচন কিনি ঘৰলৈ আনিব লাগে। যিটো এটা পানীৰ পাত্ৰ হ’ব লাগে। ইয়াৰ ব্যৱহাৰে ধনসম্পৰ্কীয় সমস্যাবোৰ আঁতৰ কৰিব।

১২.মীন ৰাশি- এইবাৰ ধনতেৰছত মীন ৰাশিৰ লোকসকলে তামৰ বাচন ক্ৰয় কৰাটো সৰ্বশ্ৰেষ্ঠ। যিয়ে অবিবাহিত লোকসকলক বহুত ভাল ফলাফল দিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button