অসমগুৱাহাটী

ফাদিল হ’ল নাৰেঙ্গী বিদ্যমন্দিৰ স্কুলৰ ছাত্ৰী তৃষাৰ মৃত্যুৰ ৰহস্য!

বিদ্যালয়খনৰ এজন কণমানি ছাত্ৰই বিৱৰি ক’লে সমগ্ৰ ঘটনা

 

বুধবাৰে গুৱাহাটী মহানগৰীৰ নাৰেঙ্গী বিদ্যমন্দিৰ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী তৃষা কলিতাৰ মৃত্যুয়ে লৈছে নতুন মুৰ। ফাদিল হ’ল ছাত্ৰী তৃষাৰ মৃত্যুৰ ৰহস্য। বিদ্যালয়খনৰ এজন কণমানি ছাত্ৰই বিৱৰি ক’লে সমগ্ৰ ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি, ক্লাছ চলি থাকোঁতেই বিদ্যালয়খনত ওলোৱা এটা ফেঁচা চাবলৈ হেতা-ওপৰা লাগিছিল ছাত্ৰ-ছাত্ৰীৰ মাজত। ছাত্ৰ-ছাত্ৰীৰ সেই ভিৰৰ মাজতে ঢলি পৰিছিল তৃষা। তৃষাৰ গাৰ ওপৰেৰে পাৰ হৈ গৈছিল বহুতো ছাত্ৰ-ছাত্ৰী। আৰু এই কথা লুকুৱাই ৰাখিছিল বিদ্যালয় কতৃপক্ষই। আৰু তাৰ পৰিবৰ্তে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাতে ঢলি পৰিছিল বুলি জনায় বিদ্যালয় কতৃপক্ষই। কণমানি ৮ বছৰীয়া ত়ষাৰ পৰিয়ালে এই কথা সহজভাৱে মানি ল’ব পৰা নাই আৰু প্ৰধান শিক্ষয়িত্ৰী মমতা দাসৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ অভিযোগ উত্থাপন কৰে। ইতিমধ্যে, পৰিয়ালৰ লোকে নুনমাটি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

 

উল্লেখ্য যে, মহানগৰীৰ গীতামন্দিৰৰ কৈলাস নগৰৰ বাসিন্দা পুলেন কলিতা আৰু ৰীতা কলিতা ঠাকুৰীয়াৰ কন্যা তৃষা আৰ কলিতাই নাৰেংগী বিদ্যামন্দিৰ নামৰ শিক্ষানুষ্ঠানখনত তৃতীয় শ্ৰেণীত অধ্যয়ন কৰি আছিল। বিদ্যালয় কতৃপক্ষই জনোৱা অনুসৰি, কণমানি তৃষাক ই জি নাৰ্ছিং হোমলৈ লৈ যায়। পিছত উন্নত চিকিৎসাৰ বাবে প্ৰতীক্ষা হস্পিতাললৈ লৈ যায়। আৰু তাতেই ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে। কিন্তু বৃহস্পতিবাৰে পোহৰলৈ আহে তৃষাৰ মৃত্যুৰ ৰহস্য। এতিয়া প্ৰশ্ন হয়, কিয় মিছা মাতিলে বিদ্যালয় কতৃপক্ষই?

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.