Covid-19অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত ক’ৰোনাৰ সন্ত্ৰাস, কেইবাজনো শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯

পিছে এতিয়া চলিত বৰ্ষৰ ভাৰ্ছিটী উইকক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হয়তো বাতিল কৰা হ'ব ভাৰ্ছিটী উইকৰ কাৰ্যসূচী।

ক’ভিডৰ সন্ত্ৰাসত কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰ্ছিটী উইক চলি থকাৰ সময়তে সোমবাৰে বিশ্ববিদ্যালয়খনত কেইবাগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ।

মুঠ ২০গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। বিশ্ববিদ্যালয়ৰ ১৯ গৰাকী  শিক্ষাৰ্থী আক্ৰান্ত হৈছে ক’ভিডত। AT 2 আৰু AT 3 ছাত্ৰীবাসৰ আৱাসী ক’ভিডত আক্ৰান্ত। স্বাস্থ্য বিভাগৰ নিৰ্দেশত ইতিমধ্যে হোষ্টেলে হোষ্টেলে চলিছে ক’ভিড টেষ্ট। আক্ৰান্ত শিক্ষাৰ্থীসকলক চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে।

বিশ্ববিদ্যালয় সপ্তাহ চলি থকাৰ মাজতে উদ্বেগজনক খবৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্ববিদ্যালয়খনতে। ভাৰ্ছিটী উইক চলি থকাৰ মাজতে হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত।

পিছে এতিয়া চলিত বৰ্ষৰ ভাৰ্ছিটী উইকক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হয়তো বাতিল কৰা হ’ব ভাৰ্ছিটী উইকৰ কাৰ্যসূচী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.