অপৰাধঅসম

পোহনীয়া কুকুৰ চুৰ কৰি আৰক্ষীৰ জালত দুটা কুকুৰ চোৰ…

কুকুৰ চুৰি আৰু চুৰি কৰা কুকুৰ ক্ৰয়ৰ অপৰাধত দুয়োকে গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মহানগৰীত এইবাৰ কুকুৰ চোৰ। জালুকবাৰী থানাৰ আৰক্ষীৰ জালত পৰিছে দুটাকৈ কুকুৰ চোৰ। কামাখ্যা কলনীৰ ৰাণা দাস ওৰফে গুডু নামৰ চোৰটোৱে এঘৰ মানুহৰ পৰা এটা জাৰ্মান চেফৰ্ডৰ পোৱালি চুৰি কৰি লৈ যায়। পৰৱৰ্তী সময়ত পোৱালিটো মানস দাসৰ পেট শ্ব’পত বিক্ৰি কৰে ধৃত ৰাণা দাসে।

ধৃত মানস নাথ
ধৃত ৰাণা দাস

 

আৰক্ষীয়ে কুকুৰ পোৱালিটোৰ গৰাকীৰ গোচৰৰ ভিত্তিতেই অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰাণা দাস আৰু মানস নাথক। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কুকুৰৰ পোৱালিটোক মালিকৰ হাতত গতাই দিয়ে। আনহাতে, কুকুৰ চুৰি আৰু চুৰি কৰা কুকুৰ ক্ৰয়ৰ অপৰাধত দুয়োকে গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.