অপৰাধঅসমআঞ্চলিক

তেজপুৰত খাকী পোচাকধাৰীৰ গুণ্ডাগিৰি!

পদপথৰ লোকৰ ওপৰত পাশৱিক নিৰ্যাতন

তেজপুৰত খাকী পোচাকধাৰীৰ গুণ্ডাগিৰি!

কেতিয়াবা যদি দিনহাজিৰা কৰা শ্ৰমিকৰ ওপৰত কেতিয়াবা আকৌ পদপথৰ লোকৰ ওপৰত পাশৱিক নিৰ্যাতন৷
তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীৰ একাংশ গুণ্ডাৰুপী আৰক্ষীৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত এজন যুৱক৷

তেজপুৰ ৰঙা পুখুৰী পাৰৰ প্ৰকাশ ডেকা নামৰ যুৱকজনক দুৰ্গাপূজাৰ বিজয়া দশমীৰ দিনা দোলাবাৰীৰ লগৰ এজনৰ ঘৰত নিমন্ত্ৰন কৰিছিল ভাত খাবলৈ৷ বিজয়া দশমীৰ নিশা ৰাস্তাত হৈ থকা হুলস্থূল শুনি ওলাই গৈছিল ৰাস্তালৈ৷

তেনেতে আহিল মহাভৈৰৱ আৰক্ষী চকীৰ এটা আৰক্ষীৰ দল৷ কোনোধৰনৰ সোধপোচ নকৰি ৰাস্তাৰ পৰা ওঠাই আনিলে এইজন যুৱকক৷ মানৱ অধিকাৰ উলঙ্ঘন কৰি পাশৱিক অত্যাচাৰ চলালে এজন যুৱকৰ ওপৰত৷ দুইহাত বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰিলে যুৱকজনক৷ আৰক্ষীয়ে চলোৱা এই নিৰ্মম প্ৰহাৰৰ অভিযোগ কৰিলে ভূগিব লাগিব অধিক শাস্তিৰ৷ এনেদৰেই চলিছে অসমৰ গৃহবিভাগ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 20 =

Back to top button