অসম

মহানগৰীৰ স্পাত নাৰী দেহ ব্যৱসায়!

গুৱাহাটীৰ স্পাত চলা নাৰীদেহ ব্যৱসায়ৰ সৈতে জড়িত মহিলাক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ

মহানগৰীৰ স্পাত নাৰী দেহ ব্যৱসায়ক লৈ আৰক্ষীৰ অভিযান অব্যাহত। ঘটনাৰ সন্দৰ্ভত তদন্ত চলাই আৰক্ষীয়ে যোৰহাটৰ পৰা আন এগৰাকী অভিযুক্ত মহিলাক গ্ৰেপ্তাৰ কৰিছে।মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে যোৰহাটৰ পৰা গুৱাহাটীলৈ অনা হৈছে মহিলাগৰাকীক। যোৰহাটৰ বৰুৱা চাৰিআলিত বিউটী পাৰ্লাৰ আছিল ধৃত মহিলাগৰাকীৰ। গুৱাহাটীৰ স্পাত চলা নাৰীদেহ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে, পাঁচজনীয় এটা চক্ৰই বিভিন্ন প্ৰলোভন দি বহু যুৱতীক নাৰী দেহ ব্যৱসায়ত জড়িত কৰাইছিল।গুৱাহাটীৰ কেইবাখনো স্পা, বিউটী পাৰ্লাৰত নাৰীদেহ ব্যৱসায় চলি থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে কেইবাগৰাকীও অভিযুক্ত মহিলাক সোধা-পোছা কৰাৰ লগতে কেইবাগৰাকীও মহিলাক আটক কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.