Social

বিবাহপাশত আবদ্ধ হ’ব মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী।

ৰাজস্থানৰ নাথদ্বাৰাস্থিত শ্ৰীনাথজী মন্দিৰত ‘ৰোকা’

আজি ৰাজস্থানৰ নাথদ্বাৰাস্থিত শ্ৰীনাথজী মন্দিৰত শৈলা আৰু বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্ট আৰু নীতা আৰু মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ ‘ৰোকা’(এংগেজমেণ্ট) হয়। অনুষ্ঠানটো পৰিয়ালৰ সদস্যৰ লগতে বন্ধু-বান্ধৱী উপস্থিতিত থাকে। দম্পতীটোৱে শ্ৰীনাথজী মন্দিৰত পৰম্পৰাগতভাৱে ৰাজ-ভোগ-শ্ৰিংগাৰেৰে অনুষ্ঠানত অংশগ্ৰহণ কৰে। দুয়োটা পৰিয়ালে ৰাধিকা আৰু অনন্তৰ বাবে সকলোৰে আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছে।

অনন্তই আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি তাৰ পিছত ৰিলায়েন্স উদ্যোগত জিঅ’ প্লেটফৰ্ম আৰু ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ ব’ৰ্ডৰ সদস্য হিচাপেও বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। বৰ্তমান তেওঁ আৰ আই এলৰ শক্তি ব্যৱসায়ৰ নেতৃত্ব দিয়ে। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ৰাধিকা এনকোৰ হেল্থকেয়াৰ ব’ৰ্ডৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.