অপৰাধঅসম

পৰকীয়া প্ৰেমৰ বাবেই হত্যা, প্ৰেমৰ বাবেই স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে নিজ পত্নীক…

দোষীয়ে যাতে আইনী সুৰুঙাৰে সাৰি নাযায়, সেই ক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ ল'ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে মহানগৰী। ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ বৰাগাঁৱত।

বৰাগাঁৱৰ এটা ঘৰৰ কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ। আন্তিমা গুপ্তা নামৰ মৃত মহিলাগৰাকী বুধবাৰৰ পৰা নিখোজ হৈ আছিল ৷

মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দর্ভত গড়চুক থানাত এজাহাৰ দাখিল কৰিছিল স্বামী সন্তোষ গুপ্তাই ৷ সন্তোষ গুপ্তাৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অনুসন্ধান চলাই অৱশেষত ভাৰাতীয়াৰ বাসগৃহত এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰে মহিলাগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ ৷

মৃহদেহৰ লগতে মোবাইল ফোন, সোণৰ আ-অলংকাৰো উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ স্থানীয় লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰে ভাৰাতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ লগতে মৃত মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাক।

কিন্তু তেতিয়ালৈকে সকলো ঠিকেই আছিল। পৰৱৰ্তী সময়ত বৰাগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই ল’লে নতুন মোৰ। আচলতে স্বামীয়ে নিজ হাতেৰেই হত্যা কৰিছিল অন্তিমা গুপ্তাক।বন্ধুৰ সৈতে মিলি পত্নীক হত্যা কৰিছিল সন্তোষে।

উল্লেখ্য় যে, ভাৰাতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সু-সম্পৰ্ক আছিল ধৃত সন্তোষ গুপ্তাৰ। যাৰবাবে নিজৰ বন্ধুৰ লগ হৈ আন্তিমা গুপ্তাক হত্যা কৰে সন্তোষে।

ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অপৰাধী স্বামী সন্তোষ গুপ্তাক। পৰকীয়া প্ৰেমৰ বাবে নাটকীয়ভাৱে নিজ স্বামীয়ে পত্নীক হত্যা কৰা ঘটনাই এতিয়া সচকিত কৰি তুলিছে সচেতন মহলক। অৱশ্যে, দোষীয়ে যাতে আইনী সুৰুঙাৰে সাৰি নাযায়, সেই ক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ ল’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.