ভাৰতমুম্বাই

সু-খবৰ! আপোনাৰ নেটৱৰ্ক সমস্যা সমাধানৰ দিশে, দীপাৱলীৰ পৰা উপলব্ধ হ’ব জিঅ’ৰ 5g Network

এতিয়া আৰু Network Speed নকমে আপোনাৰ! চলিত বৰ্ষৰ দীপাৱলীৰ পৰা দেশত উপলব্ধ হ’ব জিঅ’ৰ 5g Network

ভালখবৰ! এতিয়া আৰু Network Speed নকমে আপোনাৰ। কিয়নো উপলব্ধ হ’ল জিঅ’ৰ 5g Network…

 

বিভিন্ন সময়ত সকলো লোকেই নেটৱৰ্ক সম্বন্ধীয় সমস্যাৰ সন্মুখীন হয়। সেই সমস্যা বৰ্তমান সমাধানৰ দিশে।

মুকেশ আম্বানীৰ বিশেষ ঘোষণা- চলিত বৰ্ষৰ দীপাৱলীৰ পৰা দেশত উপলব্ধ হ’ব জিঅ’ৰ 5g Network। ডিচেম্বৰৰ পৰাহে জিঅ’ গ্ৰাহক সকলে লাভ কৰিব জিঅ’ৰ 5g Network। মুকেশ আম্বানীয়ে উল্লেখ কৰিছে যে 5g সেৱা আৰম্ভ কৰাৰ বাবে ৰিলায়েন্সে দুই লাখ কোটি টকা বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

এই বছৰৰ দীপাৱলীৰ ভিতৰত প্ৰধান চহৰসমূহত 5g সেৱা আৰম্ভ কৰা হ’ব। আনহাতে সৰু সৰু চহৰ সমূহত অথবা সমগ্ৰ ভাৰতত ২০২৩ৰ ডিচেম্বৰত উপলব্ধ হ’ব। লগতে মুকেশ আম্বানীয়ে উল্লেখ কৰিছে যে সকলো লোকে জিঅ’ 5g সেৱা লাভ কৰিব পৰাকৈ কম মূল্যৰ মোবাইল মুকলি কৰিব।

মুকেশ আম্বানীয়ে কয় যে বিশ্বৰ বহু ঠাইত বৰ্তমান তীব্ৰ অৰ্থনৈতিক উত্তেজনা, ভূ-ৰাজনৈতিক উত্তেজনা আৰু বিশ্বজনিত বিপদৰ পৰা অনিশ্চয়তা বৃদ্ধি পাইছে। বিশ্ব সংকটৰ মাজতে স্থিতিশীলতাৰ ৰশ্মি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে ভাৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.