আন্তঃৰাষ্ট্ৰীয়বিশ্বভাৰতৰাজনৈতিক

২৮ টালৈ বৃদ্ধি মোদীৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান

আবেগিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী..!!

ইথিওপিয়াত মোদী….
ইথিওপিয়াত ‘বন্দে মাতৰম’….
আবেগিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী..!!
ইথিওপিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰহণ মোদীৰ। ২৮ টালৈ বৃদ্ধি মোদীৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় দেশীয় ভ্ৰমণ। মঙলবাৰে ইথিওপিয়াত আদিছত মোদীক উষ্ম আদৰণি। আদিছ আন্তঃৰাষ্ট্ৰীয় কনভেনশ্যন চেণ্টাৰত প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিচান অৱ ইথিওপিয়া’ প্ৰদান কৰা হয়। ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীয়ে মোদীক এই সন্মান অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীএই সন্মান গ্ৰহণ কৰা প্ৰথমজন বিশ্ব নেতা। ভাৰত আৰু ইথিওপিয়াৰ মাজৰ ৰণনৈতিক সম্পৰ্ক সুদৃঢ় কৰা আৰু বিশ্বত দূৰদৃষ্টিসম্পন্ন নেতৃত্ব দিয়াৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মান ইথিওপিয়া আৰু ভাৰতৰ লোকসকলক অৰ্পণ কৰে।
ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ইথিওপিয়াৰ সংসদকো সম্বোধন কৰে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰে। ২ দেশৰ মাজত কেইবাখনো চুক্তি সম্পাদিত হয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত ইথিওপিয়াৰ স্থানীয় শিল্পীয়ে পৰিৱেশন কৰে ‘বন্দে মাতৰম’ গীত। স্থানীয় বেণ্ডৰ শিল্পীসকলে বন্দে মাতৰম গীত গোৱাৰ লগে লগে শিল্পীসকলক অভিবাদন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। তেতিয়া অতি উল্লাসিত দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদীক। মোদীয়ে আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে হাত চাপৰি দি স্থানীয় শিল্পীসকলক স্বাগতম জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.