অসম

চুইচাইড নোটত লিখি গ’ল “I HATE MY LIFE”, “I AM SO UGLY”

মেট্ৰিকত ৯৩% আৰু হায়াৰ ছেকেণ্ডাৰীত ৮৩% নম্বৰেৰে উত্তীৰ্ণ হৈছিল তাই

গোৰেশ্বৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এগৰাকী মেধাবী ছাত্ৰীৰ আত্মহননে অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। চীপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীৰ মৃতদেহ। কটন বিশ্ববিদ্যালয়ত পঞ্চম ষান্নাষিকত অধ্যয়ণৰত আছিল ছাত্ৰীগৰাকী। গণিত বিভাগৰ ছাত্ৰী আছিল তাই। মেট্ৰিকত ৯৩% আৰু হায়াৰ ছেকেণ্ডাৰীত ৮৩% নম্বৰেৰে উত্তীৰ্ণ হৈছিল তাই। কিন্তু ছাত্ৰীগৰাকীৰ এনে কাণ্ডই অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে। চুইচাইড নোটৰ তথ্য অনুসৰি অৰ্থনৈতিক সমস্যাৰ বাবেই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰিও চুইচাইড নোটত
লিখা আছিল– “I HATE MY LIFE” “I AM SO UGLY”। ঘটনা স্থলীত উপস্থিত দণ্ডাধিশসহ গোৰেশ্বৰ আৰক্ষী। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.