অসম

স্বচক্ষে ওচৰৰ পৰা কেতিয়াবা দেখি পাইছেনে বাঘ? সেই সৌভাগ্যৰ বাবে কাজিৰঙালৈ আহক আপুনি

এশিঙিয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙাত গঁড় চাবলৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে বাঘ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া বাঘ দেখা পোৱাতো পৰ্যটকৰ বাবে সুলভ হৈ পৰিছে। দেশ বিদেশৰ পৰ্যটকে উপভোগ কৰিছে বাঘ বিচৰণৰ ৰোমাঞ্চকৰ দৃশ্য৷ কিন্তু মানুহৰ উপস্থিতিৰ উমান পালেও গহীন গম্ভীৰ খোজেৰে পলকতে আঁতৰি যোৱা বাঘক অতি কম সময়হে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰে পৰ্যটকে৷ তাৰ মাজতে বাঘৰ তীক্ষ্ণ দৃষ্টিৰ বিৰল দৃশ্য বন্দী হ’ল টুৰিষ্ট গাইড বিতুপন কলঙৰ কেমেৰাত ৷ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে সুখবৰ যে, গঁড়কেন্দ্ৰিক কাজিৰঙাৰ পৰ্যটনক অধিক মাত্ৰা প্ৰদান কৰিছে ঢেকীয়াপতীয়া বাঘে৷ যাৰবাবে এশিঙিয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙাত গঁড় চাবলৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে বাঘ৷ তুলনামূলকভাৱে দেশৰ অন্যান্য টাইগাৰ ৰিজাৰ্ভ সমূহৰ সামান্তৰালকৈ কাজিৰঙাও টাইগাৰ টুৰিজিমৰ দিশত আগবাঢ়ি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিতুপন কলঙে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.