অপৰাধঅসম

মুখ্যমন্ত্ৰীলৈ চিঠি লিখি আত্মহত্যা বিজেপি নেতাৰ ! চুইছাইড নোটত কিয় উল্লেখ কৰিলে ৬জন ব্যক্তিৰ নাম…

গোলকগঞ্জ টাউন বিজেপিৰ কোষাধাক্ষ্য আছিল মৃত কৰ্মকাৰ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই হুৱা-দুৱা লাগিল গোলকগঞ্জত।

এজন বিজেপি নেতাৰ মুখ্যমন্ত্ৰীলৈ এখন বিশেষ চিঠি। বিজেপিৰ দলীয় গ্রুপৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বিশেষ অনুৰোধ জনালে নেতাগৰাকীয়ে। ৬জন ব্যক্তিৰ শাস্তি বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান এগৰাকী বিজেপি নেতাৰ। মঙলবাৰে পুৱতি নিশাই সৃষ্টি হ’ল চাঞ্চল্যৰ।

 

মঙলবাৰে পুৱতি নিশা গোলকগঞ্জৰ এখন বিদ্যালয়ত চিপ লোৱা অৱস্থাত উদ্ধাৰ হ’ল বিজেপি নেতা কাৰ্তিক কৰ্মকাৰৰ মৃতদেহ। গোলকগঞ্জ টাউন বিজেপিৰ কোষাধাক্ষ্য আছিল মৃত কৰ্মকাৰ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই হুৱা-দুৱা লাগিল গোলকগঞ্জত। বিজেপি নেতা কাৰ্তিক কৰ্মকাৰৰ মৃত্যুৰ খবৰে আচৰিত কৰি তুলিলে সকলোকে। এগৰাকী বিজেপি নেতা হোৱাৰ লগতে তেখেত আছিল এজন বিশিষ্ট ব্যৱসায়ী।

 

উল্লেখ্য যে, চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা বিজেপি নেতাজনৰ পকেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন চুইছাইড নোট। য’ত ৬জন লোকৰ শাস্তিৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে মৃত ব্যক্তিগৰাকীয়ে। চুইছাইড নোটত দুলাল ৰায়, ৰাক্কু তাতেৰ, অঞ্জু নেওগ, কানু ভট্ৰ, দেবান্দ ঠাকুৰ আৰু সুশান্ত কুমাৰ মণ্ডলৰ নাম উল্লেখ কৰিছে বিজেপি নেতাজনে। কিন্তু কাৰ্তিক কৰ্মকাৰে কিহৰ বাবে এই ব্যক্তিকেইজনৰ নাম উল্লেখ কৰি গ’ল, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে, তদন্ত আৰম্ভ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে। ঘটনাৰ উচিত তদন্তৰ লগতে দোষীৰ শাস্তি বিচাৰিলে ভুক্তভোগী পৰিয়ালৰ লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button