অসমআঞ্চলিক

বিদ্যালয় এৰি কিয় পলাল Principal Sir!

বিদ্যালয়ত পৰিচালনা সমিতিৰ সভা চলি থকা সময়তে সভা এৰি গুচি যায় প্ৰধান শিক্ষক

বিদ্যালয়ৰ এৰি পলাল Principal Sir,কেমেৰাৰ সমনুখতে পলায়ন কৰিলে ছাৰে। বিদ্যালয়ত পৰিচালনা সমিতিৰ সভা চলি থকা সময়তে সভা এৰি পলাল বিদ্যালয়ৰ প্ৰধান শিক্ষক।  সাংবাদিকৰ বাৰাম্বাৰ অনুৰোধকো নেওচি ৰঙা বাইকত ছাৰৰ তীব্ৰবেগী যাত্ৰা।

 

 

 

গোলাঘাট কছাৰীহাট হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাই বিদ্যালয়ত পৰিচালনা সমিতিৰ সভা চলি থকা সময়তে সভা এৰি গুচি যায়। বুধবাৰে বিদ্যালয়খনত অনুষ্ঠিত হৈছিল পৰিচালনা সমিতিৰ সভা। কাৰণ বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ লগতে বিভিন্ন জনৰ পৰা উত্থাপন হৈছে বিত্তীয় কেলেংকাৰীৰ অভিযোগ। অভিযোগ অনুসৰি ২০১৭ চনৰ পৰা বৰ্তমানলৈকে প্ৰশান্ত ডেকাই মধ্যাহ্ন ভোজনকে ধৰি বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ নামত লাখ লাখ টকাৰ আত্মসাৎ কৰি আহিছে। যাৰ বাবে বুধবাৰে বিদ্যালয় পৰিদৰ্শক কাৰ্যালয় এজন বিষয়াৰ উপস্থিতিত চলি আছিল সভা। প্ৰশান্ত ডেকাক এই সন্দৰ্ভত পৰিচালনা সমিতিয়ে জেৰা অব্যাহত ৰখা সময়তে সভাৰ পৰা পলায়ন ছাৰৰ। এই ঘটনাক লৈ এতিয়া গোলাঘাটতত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.