অপৰাধঅসম

১০,০০০ টকা ঘোচ ল’বলৈ গৈ গ্ৰেপ্তাৰ হ’ল গোলাঘাট সদৰ আৰক্ষী থানাৰ SI ছাৰ…

উল্লেখযোগ্য যে,  আব্দুল জেলিলে পূৰ্বতে গোলাঘাট জিলাৰ মেৰাপানী ,ফৰকাটিং থানাত অ চি ,আই চিৰ দায়িত্বত থকাৰ সময়ত বিভিন্ন লোকক ধনদাবী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । বিশেষকৈ মেৰাপানী থানাত থকাৰ সময়ত এই গৰাকী মহাপ্ৰতাপী আৰক্ষী বিষয়াৰ প্ৰতাপত সৰ্বসাধাৰণ ৰাইজে জ্বলা-কলা খোৱাৰ বিভিন্ন সময়ত অভিযোগ উঠিছিল। 

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দালালৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল আৰক্ষী বিষয়া।  ঘোচ ল’বলৈ গৈ গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষীৰ বিষয়া।

উৎকোচ লোৱা অৱস্থাত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই হাতে-লোটে ধৰা পেলায় আৰক্ষী উপপৰিদৰ্শক আব্দুল জেলিলক। গোলাঘাট সদৰ আৰক্ষী থানাৰ আৰক্ষী উপপৰিদৰ্শক আব্দুল জেলিলে কোনো গোচৰৰ ভিত্তিত দাবী কৰা ধন লোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ দলটোৱে গ্ৰেপ্তাৰ কৰে জেলিলক।

দুমাহৰ পূৰ্বে  গোলাঘাট সদৰ আৰক্ষী থানাত যোগদান কৰা SIজনে এজন লোকৰ পৰা দাবী কৰিছিল ৩০,০০০ টকা। বৃহস্পতিবাৰে দাবী কৰা ধনৰ এক অংশ হিচাপে দহ হাজাৰ টকা লৈছিল আৰক্ষী বিষয়াজনে। তাৰ পৰৱৰ্তী সময়ত এক বিশেষ খবৰৰ ভিত্তিত গোলাঘাটত উপস্থিত হোৱা আৰক্ষীৰ ভিজিলেঞ্চৰ দলে কৌশলেৰে গ্ৰেপ্তাৰ কৰে জেলিলক।

মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ পৰিদৰ্শক জয়ন্ত টেৰন, চাংখা স্বৰ্গীয়াৰী আৰু মজনুৰ আহমেদৰ নেতৃত্বত অহা ১২ জনীয়া দলটোৱে এতিয়া পৰ্যন্ত ঘটনা সন্দৰ্ভত মুখ খোলা নাই। ইফালে, ধৃত জেলিলে তেওঁক নিহাৰ বৰা নামৰ এজন লোকে আন কাৰোবাক দিবলৈ ১০ হাজাৰ টকাৰ ধনৰ টোপোলাটো দিয়া বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে,  আব্দুল জেলিলে পূৰ্বতে গোলাঘাট জিলাৰ মেৰাপানী ,ফৰকাটিং থানাত অ চি ,আই চিৰ দায়িত্বত থকাৰ সময়ত বিভিন্ন লোকক ধনদাবী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । বিশেষকৈ মেৰাপানী থানাত থকাৰ সময়ত এই গৰাকী মহাপ্ৰতাপী আৰক্ষী বিষয়াৰ প্ৰতাপত সৰ্বসাধাৰণ ৰাইজে জ্বলা-কলা খোৱাৰ বিভিন্ন সময়ত অভিযোগ উঠিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − six =

Back to top button