অসমপৰ্যটন

পৰ্যটকৰ মুখত হাঁহি বিৰিঙাই দীৰ্ঘদিনৰ অন্তত মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

ক’ভিডৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ আছিল ৰাজ্যৰ পৰ্যটনস্থলী। উদ্যানখন মুকলি হোৱাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে কাজিৰঙাৰ লগত জড়িত লোকসকল।

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকৰ মুখত হাঁহি বিৰিঙাই দীৰ্ঘদিনৰ অন্তত মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

ক’ভিডৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ আছিল ৰাজ্যৰ পৰ্যটনস্থলীসমূহ। ক’ভিড পৰিস্থিতিৰ ভয়াৱহতা কিছু শাম কটাৰ পিছতে ১ অক্টোবৰৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন মুকলি হোৱাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে কাজিৰঙাৰ লগত জড়িত লোকসকল।

উল্লেখযোগ্য যে, পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৩০ শতাংশ অঞ্চল। কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ ৯ কিঃমিঃ পথ জীপ ছাফাৰীৰ বাবে মুকলি কৰা হৈছে। আনহাতে, বাগৰি বনাঞ্চলত ৮ কিঃমিঃ জীপ ছাফাৰী মুকলি হৈছে।

শুকুৰবাৰে, ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button