শ্ৰেণীবিহীন

ৰাজস্থানৰ স্বপ্ন ভংগ কৰি আই পি এলত খিতাপ জয়েৰে ৰাজকীয় পদাৰ্পণ গুজৰাট টাইটানছৰ

অৱশেষত অন্ত পৰিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৫ সংখ্যক সংস্কৰণ

অৱশেষত অন্ত পৰিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৫ সংখ্যক সংস্কৰণ।

দেওবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ১,০৪,৮৫৯ জনৰ গৰ্জনকাৰী ঘৰুৱা দৰ্শকৰ সন্মুখত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে সাত উইকেটত জয়লাভ কৰি ২০২২ চনৰ খিতাপ অৰ্জন কৰি এজন দৃঢ় প্ৰতিজ্ঞ গুজৰাট টাইটানছে তেওঁলোকৰ প্ৰথমটো আই পি এল ছিজনক এক অবিস্মৰণীয় খিতাপ অৰ্জন কৰে।

ipl

সমগ্ৰ প্ৰতিযোগিতাখনতে উজ্জীৱীত প্ৰদৰ্শনেৰে দেওবাৰে অনুষ্ঠিত ফাইনেলত শেষ হাঁহি মাৰিলে নৱাগত গুজৰাট টাইটানছে।

১১ টা বল বাকী থকা অৱস্থাত ১৩১ ৰাণৰ লক্ষ্য সমাপ্ত কৰি আৰু আই পি এল ২০২২ত তৃতীয়বাৰৰ বাবে ৰাজস্থানক পৰাস্ত কৰি, গুজৰাটে এনে এটা ছিজন অতিক্ৰম কৰিছে য’ত তেওঁলোকে প্ৰতিযোগিতাখনৰ প্ৰথম ছিজনত চেম্পিয়ন হোৱাৰ বাবে সকলোৰে প্ৰাক-প্ৰতিযোগিতাৰ প্ৰত্যাশা অতিক্ৰম কৰিছে।

ipl

উল্লেখ্য় যে, মেচখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৩০ ৰান সংগ্ৰহ কৰে। প্ৰথম উইকেটৰ যুটিত অপেনাৰদ্বয় জয়ছোৱাল আৰু বাটলাৰে ৩১ ৰান সংগ্ৰহ কৰাৰ পিছত ব্যক্তিগত ২২ ৰানত জয়ছোৱাল য়শ দয়ালৰ চিকাৰ হয়। ইয়াৰ পিছতে গুজৰাটৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত আত্মসমৰ্পণ কৰা ৰাজস্থানে নিয়মিত উইকেট পতন আৰু মন্থৰ বেটিঙৰ বাবে মাত্ৰ ১৩০ ৰানৰ স্ক’ৰহে থিয় কৰাবলৈ সক্ষম হয়। সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰন্ত ফৰ্মত থকা জ’ছ বাটলাৰে দলৰ হৈ সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰে।

আনহাতে ১৩১ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা গুজৰাটৰ আৰম্ভণিও সফল নাছিল। ১.৪ অভাৰ বলত দলীয় স্ক’ৰ ৯ ৰানতে দলে ঋদ্ধিমান ছাহাৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই। দলীয় স্ক’ৰ ২৩ ত পুনৰ মেথিউ ৱেড ট্ৰেণ্ট বল্টৰ বলত আউট হয়। অৱশ্যে তৃতীয় উইকেটত অপেনাৰ শুভমন গিল আৰু পাণ্ডিয়াই ৬৩ ৰানৰ যুটি বান্ধি দলৰ জয় সহজ কৰি তোলে। পাণ্ডিয়াই ৩৪ ৰানত বিদায় ল’লেও ৪৫ ৰানত অপৰাজিত থাকে গিল।

gill

প্ৰতিযোগিতাখনত চমকপ্ৰদ বেটিং প্ৰদৰ্শনেৰে ৮৬৩ ৰান সংগ্ৰহ কৰা বাটলাৰে আটাইতকৈ বেছি ৰান সংগ্ৰহকাৰী হিচাপে অ’ৰেঞ্জ কেপ লাভ কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো অৰ্জন কৰে। আনহাতে ৰাজস্থানৰে যুজবেন্দ্ৰ চাহালে ২৭ টা উইকেট দখল কৰি লাভ কৰে সৰ্বাধিক উইকেট দখলকাৰীৰ পাৰ্পল কেপ সন্মান। ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰি চিজনটোত দৰ্শনীয় বলিং প্ৰদৰ্শনেৰে উচ্চ প্ৰশংসা অৰ্জন কৰা উমৰান মালিকে প্ৰতিযোগিতাৰ এমাৰ্জিং প্লেয়াৰ অৱ দ্য চিজন সন্মান অৰ্জন কৰে।

trophy

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 8 =

Back to top button