অসমআঞ্চলিকপৰিৱেশ

সেউজীয়া হ’ব জলসম্পদ বিভাগৰ কাৰ্যালয়

মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰোপণ কৰিছে ২০০টা গছপুলি

অসম চৰকাৰৰ অমৃত মহোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ দিনটোত অসমৰ ৰাইজক ১০ টা সংকল্প লোৱাৰ আহ্বান জনাইছিল। এই ১০ টা সংকল্পৰ ভিতৰত অসমৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত ৭৫টা গছপুলি ৰোপণ কৰাটোও অন্যতম।

মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটীৰ বশিষ্টৰ জলসম্পদ কাৰ্যালয়ত ২০০টা গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ২০০ গছপুলিৰ ভিতৰত ২৭ বিধ গছপুলি আছে।

ইয়াৰ লগতে গুৱাহাটীৰ বাহিৰে অসমৰ প্ৰতিটো জলসম্পদ বিভাগৰ কাৰ্যালয়ত ৭৫টাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় পীযুষ হাজৰিকাই। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ আৰু বায়ু প্ৰদূষণৰ প্ৰতি সকলোকে সজাগ কৰিবলৈ এই ব্যৱস্থা লোৱাৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰদূষণৰ প্ৰতি সজাগ নহ’লে ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিব নোৱাৰিব বুলিও কয় মন্ত্ৰী পীযুষ হাজৰিকাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.