অসমদুৰ্ঘটনা

যুৱতীৰ গাত অগ্নিসংযোগ! কি হৈছিল প্ৰকৃততে বেঁকী নৈৰ ওপৰত?

সৰভোগৰ বেঁকী নৈৰ দলঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

সোমবাৰে বৰপেটাৰ সৰভোগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

সৰভোগৰ বেঁকী নৈৰ দলঙত অঘটন। বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আহি শৰীৰত জুই লাগি আহত হয় এহাল যুৱক-যুৱতী। আহত যুৱকজনৰ নাম ৰণোজ জাজোদীয়া আৰু যুৱতী গৰাকীৰ নাম স্বয়ছমিতা অধিকাৰী বুলি জানিব পৰা গৈছে। দুয়োকে বৰ্তমান বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে৷ দুয়োৰে ঘৰ সৰভোগত বুলি জানিব পৰা গৈছে৷

বৰপেটাৰ আৰক্ষী অধীক্ষকে জানিবলে দিয়া অনুসৰি, বাৰ্থডে পালন কৰিবলৈ আহি মমবাতিৰ পৰা যুৱতী গৰাকীৰ শৰীৰত জুই লাগে৷

উল্লেখ্য যে যুৱক-যুৱতী হালে AS19N8376 নম্বৰ বাহনত উঠি বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আহিছিল৷ এই ঘটনা সংঘটিত হোৱাৰ পাছত সেই বাহনতেই বৰপেটা মেডিকেল কলেজলৈ যাবলৈ চেষ্টা কৰিছিল৷ পাছত ১০৮ গাড়ীৰে বৰপেটা মেডিকেল কলেজলৈ যুৱক-যুৱতী হালক প্ৰেৰণ কৰা হয়৷ সম্প্ৰতি দুয়ো মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে৷

যুৱক-যুৱতী হালৰ লগত বাৰ্থডে চেলিব্ৰেচনত নবজিৎ দাস নামৰ এজন বন্ধুও আছিল বুলি বৰপেটাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে৷ আৰক্ষীয়ে নবজিৎ দাসক বৰপেটাৰোড আৰক্ষী থানাত আনি কিদৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হবলৈ পালে তাৰবাবে জেৰা অব্যাহত ৰাখিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − six =

Back to top button