AssamCity newsleatest updatenationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

কোনে দখল কৰিছে ভাৰতৰ মাটি? সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ বাংলাদেশৰ…..

১৯৭৫ চনৰ সীমান্ত চুক্তি অনুসৰি ভাৰতৰ বুলি বিবেচিত হোৱা ভূ-খণ্ডক লৈ এই দাবী বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ ৷

আচৰিত নহ’ব। ভাৰতৰ মাটি দখল কৰিলে হেনো বাংলাদেশে। ১-২ কিঃমিঃ নহয়, সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ নিছে গৃহযুদ্ধৰ কৱলত ককবকাই থকা বাংলাদেশে। ভাৰতৰ মাটি দখলৰ এই উদ্ভট দাবী কৰিছে বাংলাদেশৰ সীমান্তৰক্ষী বিজিবিয়ে। ইয়াৰ বিপৰীতে ভাৰতৰ ভূখণ্ড সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি দাবী কৰিছে ভাৰতৰ সীমান্তৰক্ষী BSFএ। উল্লেখ্য যে ভাৰতৰ দখলত থকা মহেশপুৰ উপ-জিলাৰ মাটিলা সীমান্তৰ কোদলা নদীৰ ৫ কিলোমিটাৰ ভূখণ্ডত পুনৰ নিজৰ দখললৈ নিয়া বুলি আনুষ্ঠানিকভাৱে দাবী কৰিছিল বিজিবিয়ে। ১৯৭৫ চনৰ সীমান্ত চুক্তি অনুসৰি ভাৰতৰ বুলি বিবেচিত হোৱা ভূ-খণ্ডক লৈ এই দাবী বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ ৷ স্বাভাৱিকতেই বিডিআৰৰ এই দাবীক লৈ দেশজুৰি লাগে তোলপাৰ৷ তাৎক্ষণিকভাবে বিবৃতি দি-বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ দাবীক দায়িত্বজ্ঞানহীন আখ্যা দিয়ে BSFএ। বিজিবিৰ সদ্য নিযুক্ত কর্নেল পর্যায়ৰ এজন বিষয়াই সংবাদমেল পাতি এই দাবী কৰিছিল।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.