অসমউৎসৱ

ক্ষন্তেক সময়ৰ পিছতে পোহৰেৰে উজ্বলিব আকাশ।

ৰাজ্যজুৰি উদযাপিত হ'ব আলোকৰ উৎসৱ দীপাৱলী

ক্ষন্তেক সময়ৰ পিছতে পোহৰেৰে উজ্বলিব আকাশ। ৰাজ্যজুৰি উদযাপিত হ’ব আলোকৰ উৎসৱ দীপাৱলী। নানা ৰঙী পোহৰেৰে অমাৱস্যাৰ আন্ধাৰ আঁতৰাই পোহৰেৰে আকাশ উজ্বলাবলৈ সাজু ৰাজ্যবাসী। চাকিৰ পোহৰে আলোকিত কৰিব চৌপাশ। সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে এক উৎসৱকেন্দ্ৰিক পৰিৱেশ। প্ৰান্তে প্ৰান্তে দীপাৱলীক আদৰাৰ চলিছে প্ৰস্তুতি।

9 Creative and Easy Diya Decoration Ideas for Diwali 2020

বিগত দুটা বছৰত কোভিড মহামাৰীয়ে শ্বাসৰোদ্ধকৰ পৰিৱেশ সৃষ্টি কৰাৰ পিছত এইবাৰ দেশবাসীয়ে আনন্দ উল্লাহৰ মাজত উৎযাপন কৰিব দীপাৱলী। বিগত সময়ছোৱাত দীপাৱলীৰ উদযাপনৰ ক্ষেত্ৰত প্ৰশাসনে চীনা সামগ্ৰী ব্যৱহাৰৰ বাবে বাধানিষেধ আৰোপ কৰিছিল। কিন্তু এইবাৰ চৰকাৰ বা প্ৰশাসনে চীনা সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধানিষেধ আৰোপ কৰা নাই। যাৰ বাবে বজাৰসমুহত চীনৰ আটক ধুনীয়া নানাৰঙী লাইটে বজাৰ উভয়নদী হৈ পৰিছে।

Diwali Festival of Lights - celebrated around the world

সমান্তৰালকৈ বজাৰ সমুহত থলুৱা মৃৎশিল্পীয়ে প্ৰস্তুত কৰা মাটিৰ চাকিয়েও বজাৰ দখল কৰিছে। মাটিৰ চাকিৰ সমান্তৰালকৈ কলগছৰো যথেষ্ট চাহিদা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ৰং-বিৰঙৰ চাকিৰেও ভৰি পৰিছে বজাৰ। এক প্ৰকাৰৰ ভিন্নধৰণৰ মাটিৰ চাকি,চীনৰ লাইট, কলগছ আদিৰে অমাৱস্যাৰ ঘনঘোৰা আন্ধাৰ বিনাশী চৌদিশে পুহৰ বিলোৱাৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। আলোক সজ্জাৰেও সজ্জিত হৈ পৰিছে বাসগৃহ, কাৰ্যালয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button