অসম

চুৰ,ডকাইতৰ আতংকতৰ মাজতে এইবাৰ উজনিত বিছাৰ আতংক!

বিছাৰ আক্ৰমণত ইজনৰ পিছত সিজনকৈ লোক পালগৈ চিকিৎসালয়।

চুৰ,ডকাইতৰ আতংকতৰ মাজতে এইবাৰ উজনিত বিছাৰ আতংক। বিছাৰ আক্ৰমণত ইজনৰ পিছত সিজনকৈ লোক পালগৈ চিকিৎসালয়।

 

উজনি অসমত বিছাৰ আতংকত ত্ৰস্তমান নাহৰকটীয়া নগৰৰ ৰেল গেটৰ সমীপৰ ষ্টেচন পথৰ বাসিন্দা। বিগত এটা পষেক ধৰি নাহৰকটীয়াত অব্যাহত আছে বিছাৰ আতংক। বিছাৰ আক্ৰমণত চিকিৎসালয় পাইছেগৈ ইজনৰ পিছত সিজনকৈ লোক। ষ্টেচন পথত থকা গছত বিচৰণ কৰিছে লাখ লাখ বিছাই। বিছাৰ আতংক তথা আক্ৰমণত বাৰুকৈ ক্ষতিগ্ৰস্ত ব্যবসায়ীৰ লগতে যাত্ৰী সকলো।

প্ৰথম অৱস্থাত নাহৰকটীয়াৰ ষ্টেচন পথত থকা কিছু ব্যৱসায়ীৰ গাত খজুৱতি তথা ছালৰ ৰোগত আক্ৰান্ত হয় আৰু পিছত অঞ্চলটোৰ সকলো লোকৰে একে ৰোগ দেখা দিয়াত সকলোৱে অনুসন্ধান চলোৱাতহে উলাল উৰহী গছৰ উৰ। ব্যৱসায়ীসকলৰ অভিযোগৰ ভিত্তিত অগ্নিনিৰ্বাপক বাহিনীয়ে এফালৰ পৰা ধ্বংস কৰে বিছাসমূহ। পিছে বিছাসমুহ কৰ পৰা এইদৰে নগৰখনলৈ আহিল তাক লৈহে এতিয়া সৃষ্টি হৈছে কৌতূহলৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − five =

Back to top button