অসমআকাশবাণীদৈনিক বাতৰি

এতিয়াৰ পৰা শুনিবলৈ নাপাব আকাশবাণী ডিব্ৰুগড়। কিন্তু কিয়!

আকাশবাণী ডিব্ৰুগড়ৰ পৰা বাতিল অসমীয়া ভাষাৰ বুলেটিন

আকৌ এবাৰ অসমীয়াৰ স্বাভিমানক আঘাট হানিলে কেন্দ্ৰীয় চৰকাৰে। অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা বৰ্জনৰ পাছতে এইবাৰ বাতিল কৰিলে অসমীয়া ভাষাৰ বুলেটিন। আকাশবাণী ডিব্ৰুগড়ৰ পৰা বাতিল কৰিলে অসমীয়া ভাষাৰ বুলেটিন। ২৫ অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰা বন্ধ হ’ব বাতৰি সম্প্ৰচাৰ। শুনিবলৈ নাপাব প্ৰতি সন্ধ্যা ৬বজাত ৫মিনিটৰ বাবে সম্প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ বুলেটিনখন। যোৱা শনিবাৰে দিল্লী প্ৰচাৰ ভাৰতীয়ে জাৰি কৰিলে এই নিৰ্দেশনা।

 

 

১৯৯৭ চনৰ ১১ জুনৰ পৰা সম্প্ৰচাৰ হৈ অহা ৫ মিনিটৰ এই বুলেটিনখনৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনায় আহিছিল। কিন্তু সময়সীমা বৃদ্ধিৰ বিপৰীতে প্ৰচাৰ ভাৰতীয়ে বন্ধহে কৰিলে বুলেটিনখন। ব্যয় সংকোচ নীতিৰ আধাৰত লোৱা হৈছে এই সিদ্ধান্ত। প্ৰচাৰ ভাৰতীৰ সিদ্ধান্তৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছৰে পৰা চৌদিশে সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। চৰকাৰৰ এই সিদ্ধান্তত মুখ্যমন্ত্ৰী ডঃ হিমন্তৰ বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে সচেতন মহলে। ইতিমধ্যে বন্ধ কৰা হৈছে মিচিং জনগোষ্ঠীৰ বাবে সম্প্ৰচাৰিত বুলেটিনও।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.