অসমদৈনিক বাতৰি

দুলীয়াজানত উত্তপ্ত পৰিস্থিতি, পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ দল-সংগঠনৰ

দুলীয়াজানত উত্তপ্ত পৰিস্থিতি, পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ দল-সংগঠনৰ

দুলীয়াজানত উত্তপ্ত পৰিস্থিতি। টিপলিঙৰ পৰা নাহৰকটীয়া-ডিব্ৰুগড় সংযোগী মূল পথটো অতিশীঘ্ৰে নিৰ্মাণৰ দাবীত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহ সন্মুখত ‘প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে আৰক্ষীৰ বিশাল বাহিনী। সংশ্লিষ্ট কৰ্তৃপক্ষক সাতদিনৰ সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰীয়ে। অহা সাত দিনৰ ভিতৰত পথ মেৰামতি কাম সম্পূৰ্ণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি ঘোষণা প্ৰতিবাদকাৰীৰ। উল্লেখ্য যে দীৰ্ঘদীনৰ পৰা জৰাজীৰ্ণ পথৰ বাবে যমৰ যাতনা ভুগি আহিছে অঞ্চলবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.