Socialঅপৰাধঅসম

কাৰ্বিআংলঙত জব্দ কোটি টকাৰ ড্ৰাগছ

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ চোৰাং উৎসৰ সন্ধানত চলোৱা অভিযানত জব্দ কৰা হয় অবৈধ ড্ৰাগছ

ড্ৰাগছৰ চোৰাং বেহাৰ সন্ধানত সীমান্তত অব্যাহত ডিফু-ধনশিৰি আৰক্ষীৰ যুটীয়া অভিযান। ২ আগষ্টৰ বিয়লি সময়ত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ চোৰাং উৎসৰ সন্ধানত চলোৱা অভিযানত জব্দ কৰা হয় অবৈধ ড্ৰাগছ।

অসম-নাগালেণ্ডৰ ধনশিৰিৰ পাৰ্শ্বৱৰ্তী এলেকাত যুটীয়া অভিযান চলাই আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীক। সোমবাৰে বিয়লি ধনশিৰি থানাৰ আৰক্ষী বিষয়া ৰাজু চেত্রীৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্রৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা।

AS9D0009 নম্বৰৰ স্কৰপিঅ’ খনত আছিল বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰী ক্ৰমে কৰিমগঞ্জৰ আলটাফ হুছেইন আৰু ছবিৰ আহমেদ। আৰক্ষীয়ে ইতিমধ্যে দুয়োকে জেৰা কৰাত পোহৰলৈ আহিছে ড্ৰাগছৰ গোপন ঘাটিৰ কথা। চোৰাং ড্ৰাগছৰ উৎস ডিমাপুৰত থকা বুলি সম্ভেদ লাভ কৰি উক্ত স্থানতো অভিযান চলায় আৰক্ষীয়ে। অৱশ্যে অভিযানত আৰক্ষীয়ে কি তথ্য লাভ কৰিলে সেই বিষয়ে এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.