অসমআন্তঃৰাষ্ট্ৰীয়সংস্কৃতি

সাত সাগৰ তেৰ নদীৰ সিপাৰত উজ্বলিল গুৰুজনাৰ অপূৰ্ব সৃষ্টি-সত্ৰীয়া সংস্কৃতি

অ'কলেণ্ডত বিদেশী দৰ্শকৰ সন্মুখত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে সংস্কৃতা ডি শৰ্মাই

বিদেশত জিলিকিছে মহাপুৰুষৰ কৃষ্টি। সত্ৰীয়া নৃত্যৰ ছন্দেৰে মুখৰিত বিদেশৰ মঞ্চ। অসমৰ বাবে এয়া এক গৌৰৱৰ মুৰ্হূত।

সোমবাৰে সাত সাগৰ তেৰ নদীৰ সিপাৰে নিউজিলেণ্ডৰ পৰিৱেশন কৰা হ’ল সত্ৰীয়া নৃত্য। অ’কলেণ্ডত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত পৰিৱেশন কৰা হয় এই নৃত্য। অ’কলেণ্ডত বিদেশী দৰ্শকৰ সন্মুখত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে সংস্কৃতা ডি শৰ্মাই।

উল্লেখ্য যে, সংস্কৃতা ডি শৰ্মা পেছাগতভাৱে এতিয়া নিউজিলেণ্ডৰে বাসিন্দা। গাম্ভীৰ্য্যপূৰ্ণ এই অনুষ্ঠানত উপস্থিত আছিল নিউজিলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী, ক্ৰীড়া আৰু মনোৰঞ্জন মন্ত্ৰী মাননীয় গ্ৰাণ্ট ৰবাৰ্টচন, পৰিবহন আৰু সুৰক্ষা মন্ত্ৰী মাইকেল উড, অকলেণ্ডৰ মেয়ৰ উপাসনা ফিল গফ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.