অপৰাধঅসম

লাহৰীঘাট আৰক্ষীৰ অমানবীয় কাণ্ড

আঢ়ৈ বছৰীয়া সন্তানক বুকত নাপাই কান্দোনত ভাগি পৰিছে মাতৃ

লাহৰীঘাট আৰক্ষীৰ অমানবীয় কাণ্ডৰ বলি হ’ল এগৰাকী মাতৃ।  নাম ৰুক্মিনা বেগম। নিজৰ আঢ়ৈ বছৰীয়া সন্তানক বুকত নাপাই কান্দোনত ভাগি পৰিছে মাতৃগৰাকী।

শুক্ৰবাৰে ৰুক্মিনা বেগমে স্বামী আমিনুল হকৰ বিৰুদ্ধে  লাহৰীঘাট থানাত গোচৰ তৰে।  ড্ৰাগছ আসক্ত স্বামী আমিনুলে আধাৰ কাৰ্ড বনাম বুলি আঢ়ৈ বছৰীয়া পুত্ৰক ৰুক্মিনাৰ পৰা লৈ গৈ ৪০ হাজাৰ টকাৰ বিনিময়ত ড্ৰাগছৰ বাবে বিক্ৰী কৰে।

ৰুক্মিনাৰ স্বামীৰ বিৰুদ্ধে এজাহাৰৰ দাখিল কৰাত এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে আঢ়ৈ বছৰীয়া পুত্ৰক উদ্ধাৰ কৰি ৰুক্মিনাক চমজাই দিয়ে।  কিন্তু পুণৰ উদ্ধাৰ হোৱা সন্তানটোক লাহৰীঘাট আৰক্ষীয়ে মাতৃৰ বুকুৰ পৰা কাঢ়ি আনি প্ৰক্ষেপ কৰিলে চাইল্ড হুমত আৰু ব্যক্তিগত জামিনত মুকলি কৰি দিলে কৰায়ত্ব ড্ৰাগছ সৰবৰাহকাৰী ৰুক্মিনাৰ স্বামী আমিনুলক।

ৰুক্মিনাৰ অভিযোগ মতে লাহৰীঘাট থানাৰ OC অদিত বড়োৱে সাংবাদিকক ৰুক্মিনাই ঘটনাৰ বিষয়ে জনোৱাৰ বাবেই খঙতে সন্তানটি চাইল্ড হুমলৈ প্ৰেৰণ কৰে। মাতৃৰ এনে অভিযোগৰ পাছত সৰ্বতে এতিয়া প্ৰতিক্ৰীয়া সৃষ্টি হৈছে।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.