Covid-19অসমস্বাস্থ্য

ক’ভিড চিকিৎসাধীন মন্ত্ৰী অতুল বৰা

বৰ্তমান মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থিৰ

ক’ভিডত আক্ৰান্ত  হৈছে কৃষি মন্ত্ৰী অতুল বৰা।

শনিবাৰে মন্ত্ৰীগৰাকীৰ ক’ভিড পৰীক্ষা কৰাৰ পাছত দেওবাৰে ফলাফল প’জিটিভ আহে৷ লগে লগে চিকিৎসকৰ পৰামৰ্শ অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয়।

বৰ্তমান মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থিৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সান্ধ্য আইনকে ধৰি বৰ্তমানে বাহাল থকা ক’ভিড প্ৰট’কল সমূহ শিথিল কৰিবলৈ আগবাঢ়িছে চৰকাৰ। তেনে সময়ত কিন্তু ক’ভিড সংক্ৰমণৰ‌ হাৰ আশাব্যঞ্জকভাৱে নিম্নগামী নহয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 9 =

Back to top button