অসমজীৱনশৈলী

“নিজৰ এটোপাল তেজেৰে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰি”

উদমাৰী প্ৰাথমিক বিদ্যালয়ত শনিবাৰে আয়োজন কৰা হয় ৰক্তদান শিবিৰ

ইউনিটি ডা ব্লাড ডোনাৰ কলাইগাওঁ শাখাৰ  উদ্যোগত আৰু উদমাৰী যুৱক সংঘৰ সহযোগত উদমাৰী প্ৰাথমিক বিদ্যালয়ত শনিবাৰে আয়োজন কৰা হয় ৰক্তদান শিবিৰ৷

“নিজৰ এটোপাল তেজেৰে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰি” এই মন্ত্ৰৰে ইউনিটি ডা ব্লাড ডোনাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত শাখা গঠন কৰি নৱপ্ৰজন্মৰ মাজত স্বেচ্ছাই ৰক্তদান কৰিবলৈ প্ৰেৰণা যোগাই আহিছে৷

শনিবাৰে দৰং জিলাৰ কলাইগাঁৱৰ উদমাৰী যুৱক সংঘৰ সহযোগত উদমাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৭০ জন দাঁতাই স্বেচ্ছাই ৰক্তদান কৰিলে৷ সংঘৰ সদস্যসকলে আগলৈ নিয়মিত ভাবে ৰক্তদান কৰিব বুলি জনালে৷

ইউনিটিৰ উপদেষ্টা শ্বেখৰ মজুমদাৰে সকলো নিৰোগী যুৱক-যুৱতীক ৰক্তদান কৰিবলৈ আহ্বান জনাই৷

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভড়াল পৰিদৰ্শক ডা° ডাউদ আলিয়ে ইউনিটি ডা ব্লাড ডোনাৰ নামৰ এই স্বেচ্ছাসেৱী সংগঠনটিয়ে ৰাইজৰ মাজত ৰক্তদানৰ সজাগতা বৃদ্ধি কৰাৰ বাবে ধন্যবাদ জনালে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.