অপৰাধঅসম

ভক্ষকৰ ৰূপত জনতাৰ ৰক্ষক!

ৰেল আৰক্ষীৰ হাতত লাঞ্চিত অসহায় ছাত্ৰী ।

ভক্ষকৰ ৰূপত জনতাৰ ৰক্ষক! ৰেল আৰক্ষীৰ হাতত লাঞ্চিত অসহায় ছাত্ৰী ।ছাত্ৰী ধৰ্ষণৰ অপচেষ্টা ৰঙাপৰাত। অভিযোগ ৰে’লৱে আৰক্ষী হীৰেন গগৈৰ বিৰুদ্ধে।নিজ বাসগৃহতে ধৰ্ষণৰ অপচেষ্টা ছাত্ৰীগৰাকীক।আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত হীৰেন গগৈক ।

উল্লেখ্য যে উত্তৰ লক্ষীমপুৰ জিলাৰ ৩ নং বালিজানৰ লীলাবাৰীৰ মহন ঐমাগড়ৰ কন্যা তথা ছাত্ৰী গৰাকীক কালি নিশা প্ৰায় ১১ মান বজাত ৰঙাপৰা ৰেলৱে জংচনত আহি উপস্থিত হয় ৷ ছাত্ৰী গৰাকী অকলশৰে বহি থকা প্ৰত্যক্ষ কৰি কৰ্মৰত ৰেলৱে আৰক্ষীৰ নায়ক হিৰেন গগৈয়ে সোধা পোচা কৰি নিজ গৃহলৈ লৈ যায় । গৃহত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি শোৱনি কোঠাত শালীনতা হানিৰ চেষ্টা কৰিছিল গগৈয়ে। আজি দুপৰীয়া সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ইয়াৰ পাছতে আটছা, আছা ৰঙাপৰা ৰেলৱে আৰক্ষী থানাত উপস্থিত হৈ পৰিস্থিতি উত্তাল কৰি তোলে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − eight =

Back to top button