Social

ছানিয়া মিৰ্জা হ’ব ভাৰতৰ প্ৰথম গৰাকী মুছলমান মহিলা যুঁজাৰু পাইলট!

এগৰাকী টিভি মেকানিকৰ কন্যাই ছানিয়া মিৰ্জা অৰ্জন কৰিল এই সফলতা

লক্ষ্য অবিচল হ’লে কঠিন বাধাকো প্ৰত্যাহ্বান জনাই সফলতাৰ পথত আগুৱাব পাৰি। অসম্ভৱকো, সম্ভৱ কৰি তুলিব পাৰি। তাকেই প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশ মিৰ্জাপুৰৰ এগৰাকী মুছলমান যুৱতীয়ে। মনত অদম্য সাহস আৰু হেপাহ লৈ সকলো বাধা পাৰ কৰি দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু পাইলট হবলৈ গৈ আছে ছানিয়া মিৰ্জা। নিজৰ সপোনক বাস্তৱ কৰি দেখুৱালে মিৰ্জাই। এগৰাকী টিভি মেকানিকৰ কন্যা ছানিয়া মিৰ্জা, তাতে আকৌ মিৰ্জাপুৰৰ মুছলমান সমাজৰ কন্যা। কিন্তু সকলো বাধা অতিক্ৰম কৰি NDA পৰীক্ষাত ১৪৯ তম স্থান লাভ কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মিৰ্জাই।

উল্লেখ্য যে, দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হোৱাৰ লগতে ছানিয়া হৈছে দেশৰ দ্বিতীয় গৰাকী ছোৱালী যাক যুঁজাৰু পাইলট হিচাপে নিৰ্বাচিত কৰা হৈছে। ছানিয়াৰ এই সফলতাৰ আঁৰত আছিল দেশৰ প্ৰথম মহিলা যুঁজাৰু পাইলট অৱনী চতুৰ্বেদী। অৱনীৰ দৰে হোৱাৰ সপোন দেখা ছানিয়াই সদায়ে অনুপ্ৰেৰণাৰ পাই আহিছিল অৱনীৰ পৰা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.