অপৰাধঅসম

লখিমপুৰৰ বগীনদীত আৰক্ষীৰ এনকাউন্টাৰ

বগীনদীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

লখিমপুৰৰ বগীনদীত আৰক্ষীৰ এনকাউন্টাৰ।

বগীনদীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।  আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় ডকাইত আজাহাৰ আলী।

বগীনদীৰ কুলাবালিত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা ডকাইতটোৱে পলাবলৈ চেষ্টা কৰোতে গুলীচালনা কৰে আৰক্ষীয়ে। ভৰিত ৩টাকৈ গুলী লাগি গুৰুতৰভাৱে আঘাতপ্রাপ্ত ডকাইত আজাহাৰক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ। কেইবাটাও ATM লুটপাতৰ ঘটনাৰ লগত জড়িত আছিল ডকাইত আজাহাৰ আলী।

উল্লেখযোগ্য যে, ঢকুৱাখানা মহকুমাৰ আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ নেতৃত্বত বগীনদী থানাৰ আৰক্ষীৰ এটা দলে আটক কৰিছিল ডকাইতটোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.